বৰ্তমান সময়ত হাজাৰ ব্যস্ততাৰ মাজৰ পুৱা শুই উঠি ব্যায়াম কৰাৰ কাৰো সময় নাথাকে৷ তাৰ মাজতে যদি পুৱা আধা ঘণ্টা অকণমান সময় উলিয়াই ব্যায়াম কৰোঁ, তেন্তে শৰীৰ সুস্থ হৈ থকাৰ লগতে মনটোও দিটোৰ বাবে সতেজ অনুভৱ কৰে৷ এই যান্ত্ৰিকতাভৰা কৰ্মময় জীৱনত স্থিৰতা, একাগ্ৰতা আৰু ধৈৰ্যৰ প্ৰয়োজন৷ এনেকুৱা বহু ব্যায়াম আছে, যাৰ নিয়মিত অভ্যাসে আমাৰ মনৰ দৃঢ়তা তথা একাগ্ৰতা অটুট ৰখাত সহায় কৰিব পাৰে৷ তাৰে ভিতৰত এটা সহজ আসন হ’ল বৃক্ষাসন৷ বৃক্ষ অৰ্থাৎ গছ৷ এই আসনে গছৰ শান্ত তথা স্থিৰ অৱস্থাক সূচায়৷ এই আসন কৰা নিয়ম আছে৷ নিয়মবোৰ পৰ্যায়ক্ৰমে এনেধৰণৰ– প্ৰথমে মানুহজন থিয় হৈ ল’ব লাগে৷ তাৰ পাছত সোঁভৰিখন বাওঁভৰিৰ উৰুত ৰাখিব লাগে, বাওঁভৰিখন পোন কৰি শৰীৰৰ সম্পূৰ্ণ ভাৰসাম্যখিনি ৰাখিব লাগে৷ লাহে লাহে ওপৰলৈ উঠাই নমস্কাৰ কৰাৰ ভংগীৰে হাত দুখন মূৰৰ ওপৰলৈ উঠাই দিব লাগে৷ মন কৰিব লাগে যাতে হাত দুখন পোন হৈ থাকে৷ তাৰ পাছত লাহে লাহে উশাহ ল’ব লাগে৷ তাৰ পাছত ক্ৰমান্বয়ে হাত দুখন তললৈ নমাই আনি আগৰ অৱস্থালৈ ঘূৰাই আনিব লাগে৷ তেনেকৈ সোঁভৰিখনো উৰুৰ পৰা আঁতৰাই আনি থিয় হ’ব লাগে৷ অনুৰূপ ধৰণে বাওঁভৰিৰ সৈতে একেদৰে এনে কৰিব লাগে৷ এই আসন কৰা ফলত শৰীৰৰ ভাৰসাম্যতা ৰক্ষাত সহায়ক হয়৷ ভৰিৰ পেশী সবল হয় লগতে ভৰিৰ ধমনী, সিৰা আৰু স্নায়ু সতেজ আৰু সক্ৰিয় হৈ থাকে৷ উৰুৰ সমযোগস্থলৰ স্থিতিস্থাপকতা বজাই ৰখাত সহায় কৰে৷ কঁকাল আৰু মেৰুদণ্ডৰ শক্তি বৃদ্ধি কৰে৷ মগজুৰ স্থিৰতা আৰু সন্তুলন বজাই ৰখাত সহায় কৰে৷ একাগ্ৰতা বজাই ৰখাত সহায় কৰে৷