বুদ্ধি ভোটা হৈছে নেকি ? প্ৰাকৃতিক এই পাঁচ ছাপ্লিমেণ্ট

0
133

আপোনাৰ একো কথাই মনত নথকা হৈছে, ৰাতিপুৱাৰ কথাটো আবেলিলৈ পাহৰি যোৱা হৈছে, আগদিনা আপোনাৰ লাগতিয়াল বস্তুটো ক’ত থৈছে, বিচাৰি চলাথ কৰিছে৷ ক’ত ৰাখিছিল পাহৰি থাকিল৷ মুঠতে আপোনাৰ একো কথাই সঠিককৈ মনত নথকা হৈছে, ঘনাই পাহৰি যায়৷ অৰ্থাৎ আপোনাৰ বুদ্ধি কমি গৈছে, মগজুৰ অৱক্ষয় হৈছে৷ অথবা আপুনি কোনো কথাতে মন বহুজিৱাব পৰা নাই৷ বুদ্ধি ভোটা হৈ হৈছে৷ দৈনন্দিন জীৱনত এয়া বহুতৰে ক্ষেত্ৰত হোৱা সাধাৰণ ঘটনা৷ ইয়াৰ কাৰণে চিন্তাৰ কোনো কাৰণ নাই৷ প্ৰাকৃতিকভাৱে পোৱা এই পাঁচবিধ ছাপ্লিমেণ্ট খোৱাৰ অভ্যাস কৰক৷ দেখিব আপোনাৰ স্মৃতিশক্তি পুনৰ ঘূৰি আহিছে৷ আপোনাৰ মগজু মেচিনৰ দৰে সক্ৰিয় হৈছে৷ আপুনি বেছ টেলেণ্ট হৈছে৷ জানো আহক এইকেইবিধৰ বিষয়ে৷
যুগ যুগ ধৰি ব্ৰাহ্মী শাক প্ৰাচীন ভেষজ আয়ুৰ্বেদত ব্যৱহাৰ হৈ আহিছে৷ ব্ৰাহ্মী শাকত বেকোছাইড নামৰ এবিধ যৌগ থাকে, যিয়ে নিউৰ’ট্ৰান্সমিটাৰ এক্টিভিটি উন্নত কৰে৷ যা বাবে এই শাক খালে চিন্তা-ভাবনা আৰু যিকোনো কামত মনোনিৱেশ কৰাৰ ক্ষমতা বাঢ়ে৷ ইয়াৰ ফলত স্মৃতিশক্তি উন্নত হয়৷
অশ্বগন্ধাক বহুদিন ধৰি আয়ুৰ্বেদত ব্যৱহাৰ কৰি অহা হৈছে৷ এই ভেষজবিধে ষ্ট্ৰেচ কমোৱাত সহায় কৰে৷ অশ্বগন্ধাই স্মৃতিশক্তি আৰু মনোনিৱেশ কৰাৰ ক্ষমতা বৃদ্ধিত সহায় কৰে৷
জিংকো বিলোবা নামৰ ভেষজবিধে মস্তিষ্কৰ তেজ চলাচল উন্নত কৰে৷ বহুতেই এনে কিছু পৰিস্থিতিৰ সন্মুখীন হয় যে যেতিয়া কোনো কথাই মগজুলৈ নাহে৷ একো ভাবিব নোৱৰা হয়৷ চিকিৎসা বিজ্ঞানৰ পৰিভাষাত যাক মেণ্টল ফগ বুলি কোৱা হয়৷ এনে পৰিস্থিতিৰ পৰা মুক্তি দিয়াব পাৰে বিলোবাই৷ ইয়াৰ উপৰি ইয়াত প্ৰচুৰ পৰিমাণে অণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে মস্তিষ্কক অক্সিডেটিভ ষ্ট্ৰেচৰ পৰা বচাব পাৰে৷
আনহাতে হালধিত নিউৰোপ্ৰ’টেকটিভ বৈশিষ্ট্য বিদ্যমান, যিয়ে স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে৷
ছালমন আৰু মেকাৰেলৰ দৰে তৈলাক্ত সাগৰীয় মাছ, ফ্লাক্স চিড, আখৰোট আদি যথেষ্ট পৰিমাণে ওমেগা থ্ৰী ফেটি এচিড থাকে, যিয়ে মস্তিষ্কৰ স্বাস্থ্য উন্নত কৰাৰ লগতে মস্তিষ্ক কোষৰ গঠন তথা বিকাশ সঠিক ৰাখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here