২৮ মাৰ্চত মহাকাশত এক বিৰল মহাজাগতিক ঘটনা সংঘটিত হ’ব৷ সেইদিনা সূৰ্যাস্তৰ পাছত পাঁচটা গ্ৰহক একে স্থানতে একে ৰৈখিক অৱস্থানত দেখিবলৈ পোৱা যাব৷ মহাকাশত দুটা বা তিনিটা গ্ৰহক একে স্থানত দেখিবলৈ পোৱাটো সাধাৰণ কথা৷ কিন্তু একেলগে পাঁচটা গ্ৰহক একে স্থানত একে সময়তে দেখিবলৈ পোৱাটো এক বিৰল ঘটনা হিচাপে পৰিগণিত হৈছে৷ জ্যোতিৰ্বিদসকলৰ মতে সেইদিনা বেলি মাৰ যোৱাৰ ঠিক পাছতে বৃহস্পতি, বুধ, ইউৰেনাছ, মঙল আৰু শুক্ৰ গ্ৰহক একেলগে দেখা পোৱা যাব৷ ইয়াৰ ভিতৰত বৃহস্পতি আৰু শুক্ৰক উজ্জ্বল ৰূপ দেখা পোৱা যাব৷ ইয়াৰ উপৰি কম উজ্জ্বল ৰূপত মঙল গ্ৰহকো দেখা পোৱা যাব৷ এই তিনিওটা গ্ৰহকে খালী চকুৰে দেখা পোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে বুধ আৰু ইউৰেনাছ গ্ৰক দেখা পাবৰ বাবে দূৰবীণৰ প্ৰয়োজন হ’ব পাৰে৷ ইয়াৰ লগতে সেই সময়ত আকাশ নিৰ্মল হৈ থাকিলেহে ইয়াৰ প্ৰত্যক্ষ কৰিব পাৰিব বিশ্ববাসীয়ে৷