বিষাক্ত পতংগবোৰ নীলাৰঙৰ প্ৰতি কিয় বেছি আকৃষ্ট

0
246


পোক-পৰুৱাৰ উপদ্ৰৱ ৰোধৰ বাবে আজিকালি প্ৰায়ভাগ ডাঙৰ ডাঙৰ হোটেল-ৰেস্তোৰাঁত পোহৰৰ ফ্লাক্স ব্য্যৱহাৰ কৰা হয়৷ অনুৰূপভাৱে খেতিপথাৰবোৰতো উজ্জ্বল ভিন্নৰঙী পোহৰৰ ব্যৱস্থা কৰে খেতিডৰা পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ৷ ইয়াৰ প্ৰধান কাৰণ হ’ল পোক-পৰুৱাবোৰক পোহৰৰ প্ৰতি আকৃষ্ট কৰোৱা৷ এইদৰে কৰোঁতে কোনবোৰ পতংগই কি ৰঙৰ প্ৰতি বেছি আকৃষ্ট হৈছিল, অধ্যয়নৰ জৰিয়তে তাৰ বিষয়ে জনা গৈছিল৷ সাম্প্ৰতিক এটা গৱেষণাই দাবী কৰে যে বিষাক্ত পতংগবোৰ নীলা ৰঙৰ প্ৰতি বেছি আকৃষ্ট হয়৷ এদল গৱেষকে কৰা গৱেষণাত কোৱা হৈছে যে খাদ্য বুলি ভাবি নীলা ৰঙৰ দিশে বেছিকৈ ধাৱমান হয় পতংগবোৰ৷ আনহাতে অতীত কৰা গৱেষণাতো এই তথ্যই প্ৰকাশ পাইছিল৷ সেই কাৰণে পতংগবোৰৰ বাবে নীলা ৰঙৰ মৰণফান্দ তৈয়াৰ কৰাৰ ৰীতি বিশ্বজুৰি প্ৰচলন আছে৷ অতীতত গৱেষণায়ো দাবী কৰিছিল যে নীলা ৰং পতংগবোৰৰ প্ৰিয় আৰু চকুত এই ৰঙৰ ধূসৰ ভাবে ইহঁতক আৰামদায়ক কৰি তোলে৷ যাৰ ফলত নীলা ৰঙৰ বস্তুকে বিশ্ৰাম লোৱাৰ স্থান হিচাপে বাছি লয়৷ কিন্তু সাম্প্ৰতিক সময়ত গৱেষকে দাবী কৰিছে যে আফ্ৰিকাৰ টেটচি প্ৰজাতিৰ বিষাক্ত পতংগই নীলা ৰঙৰ খাদ্য হিচাপে গণ্য কৰে বা ভাবে৷ সেয়ে নীলা ৰঙে সহজে আকৃষ্ট কৰে এইবিধ বিষাক্ত প্ৰজাতিৰ পতংগক৷ ব্ৰিটেইনৰ এবাৰিষ্টউইথ বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ৰজাৰ চাণ্টাৰৰ নেতৃত্বত এই গৱেষণাটো কৰা হৈছিল আৰু ৰয়েল ছ’চাইটি জাৰ্নালত গৱেষণা পত্ৰটো প্ৰকাশিত হৈছিল৷ গৱেষক চাণ্টাৰে জানিবলৈ দিয়ে যে তেওঁলোকে মেচিন লাৰ্নিং পদ্ধতিৰ জৰিয়তে প্ৰথমে টেটচিজাতীয় পতংগৰ দৰে হুবহু কৃত্ৰিম স্নায়ুতন্ত্ৰ তৈয়াৰ কৰিছিল৷ পাছত এই পতংগবোৰ কোন ৰঙৰ প্ৰতি বেছি আকৃষ্ট হয়, সেই বিষয়ে জনাৰ বাবে বিভিন্ন ৰং ব্যৱহাৰ কৰিছিল৷ দেখা গৈছিল নীলা আৰু বগা ৰঙৰ ভিতৰত নীলা ৰঙৰ মাজত বেছিকৈ দেখিছিল৷ ইয়াৰ পৰাই গৱেষকে বুজিবলৈ সক্ষম হৈছিল যে মূলতঃ খাদ্যৰ সন্ধানত নীলা ৰঙৰ দিশে ধাৱিত হয় পতংগবোৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here