বিশ্ব চাইকেল দিৱস: প্ৰদূষণমুক্ত, সু-স্বাস্থ্যৰ অধিকাৰী হওক

0
974

দৈনিক আধা ঘণ্টা চাইকেল চলালে পেটৰ চৰ্বি কমে আৰু ই আমাৰ মাংসপেশীসমূহকো মজবুত কৰাত সহায় কৰে৷

আজি বিশ্ব চাইকেল দিৱস৷ প্ৰতিবছৰে তিনি জুন তাৰিখৰ দিনটোক বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰা হয়৷ দৈনন্দিন জীৱন-ধাৰণ প্ৰণালীত চাইকেলৰ প্ৰয়োজনীয়তা মানুহৰ মাজলৈ উলিয়াই অনাৰ উদ্দেশ্যে সংযুক্ত ৰাষ্ট্ৰৰ সাধাৰণ সভাই তিনি জুন তাৰিখৰ দিনটোক বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল৷ 
The World's Best Tips On Buying A Mountain Bike bicyclebear.net

চাইকেল চলোৱাটো শৰীৰৰ বাবে কিমান উপকাৰী, এই কথা আমি প্ৰায়ভাগ মানুহেই জানো৷ ইয়াৰ লগতে ই পৰিৱেশ আৰু অৰ্থনৈতিক দিশৰ পৰাও যে যথেষ্ট অনুকূল, এই কথা জনসাধাৰণৰ মাজলৈ বাৰ্তা প্ৰেৰণ কৰাই হৈছে বিশ্ব চাইকেল দিৱসৰ মূল উদ্দেশ্য৷ চাইকেল চলোৱা অভ্যাসে শৰীৰ আৰু মন দুয়োটা সুস্থ কৰি ৰাখে৷ ই হৃদপিণ্ড আৰু হাওঁফাওক সুস্থ কৰি ৰখাৰ লগতে শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়াও উন্নত কৰে৷ দৈনিক আধা ঘণ্টা চাইকেল চলালে পেটৰ চৰ্বি কমে আৰু ই আমাৰ মাংসপেশীসমূহকো মজবুত কৰাত সহায় কৰে৷ যিহেতুকে গাড়ী-মটৰৰ পৰা ওলোৱা ধোঁৱাৰ ফলত বায়ু যথেষ্ট প্ৰদূষিত হয় নাইবা আজিকালি পেট্ৰল-ডিজেলৰ যিহে জুই-ছাই দাম,

Researchers design nanomaterial that could reduce car exhaust pollution - The Statesman

গতিকে এনেক্ষেত্ৰত চাইকেল চলোৱাৰ অভ্যাসে বায়ু প্ৰদূষণমুক্ত কৰাৰ লগতে অৰ্থনৈতিক দিশৰ পৰাও কিছু পৰিমাণে সকাহ পাব পৰা যায়৷ গতিকে এটা সুস্থ দেহৰ অধিকাৰী হ’বলৈ, এখন প্ৰদূষণমুক্ত পৃথিৱী পাবলৈ আমি প্ৰত্যেকেই আজিৰ এই বিশ্ব চাইকেল দিৱসৰ দিনটোৰ পৰাই দৈনিক চাইকেল চলাবলৈ পণ লওঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here