বিশ্ব খাদ্য কাৰ্যসূচীৰ সতৰ্কবাণী : ভয়াৱহভাৱে বৃদ্ধি পাব পাৰে ক্ষুধাতুৰৰ সংখ্যা

0
1638
অহা বছৰ অৰ্থাৎ ২০২১ত বিশ্বত ভয়াৱহভাৱে ক্ষুধাতুৰৰ সংখ্যা বৃদ্ধি পাব পাৰে৷ বিশ্ব খাদ্য কাৰ্যসূচী চমুকৈ এফ পি অ’-ই এই কথা প্ৰকাশ কৰিছে৷ 'এফ পি অ’ই কয় যে ২০২১ চনত ক্ষুধাতুৰৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাব৷ এফ পি অ’ৰ মুৰব্বী ডেভিদ বেছলেই কয় যে এই বছৰ লাভ কৰা শান্তিৰ নোবেল বঁটাই তেওঁলোকক বিশ্বৰ নেতাসকলক এই বিষয়ত সতৰ্ক কৰি দিয়াৰ সামৰ্থ্য প্ৰদান কৰিছে৷ এটা সাক্ষাৎকাৰত তেওঁ কয় যে নৰৱেৰ নোবেল বঁটা কমিটীয়ে দুৰ্যোগৰ মাজত আৰু শৰণাৰ্থী শিবিৰত তেওঁলোকে কৰা কামসমূহ নিৰীক্ষণ কৰি আছে৷ তেওঁৰ মতে লাখ লাখ ক্ষুধাতুৰক খাদ্যৰ যোগান ধৰাৰ বাবে এফ পি অ’ৰ কৰ্মীসকলে নিজকে উচৰ্গা কৰিছে৷ ইয়াৰ লগতে পৰিস্থিতি আৰু অধিক শোচনীয় হৈ পৰিব বুলিও সতৰ্ক কৰি দিয়ে৷ বেছলেই কয় যে বিশ্বৰ নেতাসকলে ক্ষুধা-সম্পৰ্কত আৰু অধিক কাম কৰাৰ প্ৰয়োজন আছে৷ তেওঁৰ মতে বিশ্বৰ নেতাসকলে এতিয়াই ক্ষুধা নিবাৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে পৰিস্থিতি অধিক শোচনীয় হৈ পৰিব৷ তেওঁ কয় যে সকলোৱে ২০২০-অক অতিক্ৰম কৰাত সফল হ’ল, কিয়নো বিশ্বৰ বিভিন্ন ঠাইৰ নেতাসকলে ধনৰ লগতে পেকেজো দিলে৷ কিন্তু ২০২০ চনত পোৱাৰ সমান ধন অহা বছৰ লাভ কৰাৰ আশা নাই৷ সেয়ে সংস্থাটোক অধিক চিন্তিত কৰি তুলিছে আৰু ক্ষুধাতুৰৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here