বিশ্বৰ সকলোতকৈ দামী পাচলিবিধৰমূল্য প্ৰতিকেজিত ৮৫ হাজাৰ টকা

0
271


বজাৰত কিনিবলৈ পোৱা পাচলি দাম কিলোগ্ৰামত কিমা হ’ব পাৰে, সেইটো আমি সহজে অনুমান কৰিব পাৰোঁ৷ আমি লগতে কে দিব পাৰোঁ কিলোই প্ৰতি ৫০ বা ৬০ টকাত৷ কিন্তু বজাৰত এনে পাচলিও পোৱা যায়, যাৰ দাম শুনিলে আপুনি হয়তো থিতাতে মূৰ্ছা যাব৷ যি পাচলিক বিশ্বৰ আটাইতকৈ দামী পাচলি হিচাপে জনা যায়৷ যাৰ এক কিলোৰ মূল্য আপুনি এখন বাইক অনায়াসে কিনিব পাৰিব৷ হয়, আপুনি ঠিকেই শুনিছে৷ বৰ্তমান বিশ্বৰ আটাইতকৈ দামী পাচলিবিধৰ প্ৰতিকিলোৰ দাম ৮৫ হাজাৰ টকা৷ এই পাচলিবিধৰ দাম আকাশলংঘীৰো শতগুণ ওপৰত৷ এইবিধ পাচলিৰ নাম হ’ল হপ শুট৷ হপ শুট হ’ল হপ গছৰ পৰা পোৱা সেউজীয়া ৰঙৰ নৰম দেখিবলৈ এবিধ ফলৰ দৰে৷ যাক বিশ্বৰ সকলোতকৈ ব্যয়বহুল চবজি হিচাপে জনা যায়৷ যিহেতু এই গছৰ ফুলবোৰ এলকহলযুক্ত পানীয় প্ৰস্তুত কৰাৰ ব্যৱহাৰ কৰা হয়, সেয়ে হপ উদ্ভিদবিধক প্ৰায়ে বিয়েৰ তৈয়াৰ কৰা ব্যৱহাৰ কৰে৷ আন্তৰ্জাতিক বজাৰত এক কিলোগ্ৰাম হপ শুটৰ দাম এক হাজাৰ জি বি পি অৰ্থাৎ আমাৰ হিচাপত প্ৰায় ৮৫ হাজাৰ টকাৰ পৰা ৰ লাখ টকাৰ সমান৷ হপৰ মূল্য ইমান বেছি হোৱাৰ এটা প্ৰধান কাৰণ হ’ল এককিলো হপ উৎপাদন কৰিবলৈ শ শ হপ শুটৰ প্ৰয়োজন হয়৷ এই গছৰ প্ৰাকৃতিক উদ্ভিজ তেল তথা খনিজ ছালৰ চিকিৎসাৰ বাবে ব্যৱহূত হয়৷ ইয়াত প্ৰদাহ বিৰোধী প্ৰভাৱ থাকে তথা ৰক্তনলীৰ ওপৰত কাম কৰি আৰাম প্ৰদান কৰে৷ একাধিক গৱেষণাত পোৱা মতে হপ শুটেৰে প্ৰস্তুত কৰা বিয়েৰ চুলি ধোৱাত ব্যৱহাৰ কৰা হয়৷ কাৰণ ইয়াৰ এণ্টিঅক্সিডেণ্ট উপাদান থাকে৷ হপ শুটে চুলি সৰা, চুলিৰ উফি আদি কমোৱাত সহায় কৰে৷ শৰীৰৰ পেশ¸ীৰ বিষ-বেদনা আদি কমোৱাত হপ শুট কাৰ্যকৰী৷ ইয়াৰ লগতে শৰীৰৰ বিপাক ক্ৰিয়া ত্বৰান্বিত কৰাত তথা হজম শক্তি উন্নত কৰাত এইবিধ পাচলি উত্তম৷ মহিলাৰ মাহেকীয়া সমস্যা, ঋতুকালীন যন্ত্ৰণা নিৰাময়ৰ বাবে, পেশীৰ টান ভাব কমাবলৈ হপ শুটে নিৰাময় কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here