সাধাৰণতে প্ৰত্যেক জীৱ-জন্তুৰে ক্ষেত্ৰত গাৰ গঠন, আকৃতি-আকাৰ, গাৰ বৰণ, বাসস্থান, খাদ্য খোৱাৰ প্ৰকৃতি আদি বিভিন্ন বৈশিষ্ট্য থাকে৷ বাঘে যেনেদৰে ঘা নাখায়, ঠিক একেদৰে ঘোঁৰা, জিৰাফেও মাংস কেতিয়াও গ্ৰহণ নকৰে৷ আনহাতে জন্তু গাৰ গঠন বা ৰঙৰ ভিন্নতা চায়েই আমি চিনি পাওঁ জন্তুবিধ কি৷ উদাহৰণস্বৰূপে প্ৰাকৃতিকভাৱে জিৰাফৰ ক্ষেত্ৰত আগ ঠেং চুটি আৰু পিছ ঠেং দুখন যথেষ্ট দীঘল বা গাৰ ৰং ফুটুকা ফুটুকী হয়৷ কিন্তু শেহতীয়াভাৱে এই কথাৰ ব্যতিক্ৰম দেখা পোৱা যায়৷ আমেৰিকাৰ টেনেছি ৰাজ্যৰ এখন চিৰিয়াখানাত বিশ্বৰ প্ৰথমটো একৰঙী অৰ্থাৎ দাগহীন জিৰাফৰ জন্ম হয়৷ ইয়াক লৈ এতিয়া সকলোৰে মাজত উৎকণ্ঠাই বিৰাজ কৰিছে৷ অলপতে জন্ম পোৱা এই জিৰাফটোৰ শৰীৰৰ কোনো অংশতো ফুটুকা ফুটুকী দাগ দেখা পৰিলক্ষিত নহ’ল৷ ইয়াৰ বিপৰীতে জিৰাফটোৰ দাৰ বৰণৰ সম্পূৰ্ণ মুগা ৰঙৰ৷ উল্লেখ্য যে জিৰাফটোৰ জন্ম দিয়া মাতৃজনীৰ গাত সাধাৰণ জিৰাফৰ দৰে ফুটুকা ফুটুকী দাগ আছে৷ লক্ষণীয় যে শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত এই জিৰাফটোৰ আলোকচিত্ৰ ভাইৰেল হৈছে আৰু এই দাগ নোহোৱা জিৰাফটোৰ নাম কি ৰাখিব তাৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষই সকলোৰে পৰা সহায় বিচাৰিছে৷ চিৰিয়াখানা কৰ্তৃপক্ষই সদৰী কৰা মতে যিহেতু এই জিৰাফটো দেখিবলৈ আনতকৈ ব্যতিক্ৰম, সেয়ে ইয়াৰ নামো ব্যতিক্ৰমী হোৱা উচিত৷