বিশ্বৰ দ্বিতীয় বৃহত্তম হীৰাৰ সন্ধান লাভ : ক’ত ?

0
2

বতচোয়ানাৰ খনিত দুই হাজাৰ ৪৯২ কেৰেটৰ এটুকুৰা হীৰা পোৱা গৈছে, যিটো বিশ্বৰ এইপৰ্যন্ত পোৱা বিভিন্ন হীৰাৰ ভিতৰত দ্বিতীয় বৃহত্তম বুলি বিবেচিত হৈছে৷ বতচোয়ানা কানাডিয়ান ফাৰ্মত লুকাৰা ডায়মণ্ডৰ মালিকানাধীন এটা খনিত এই হীৰাটুকুৰাৰ সন্ধান পোৱা গৈছে৷ বিবিচিয়ে জনোৱা মতে ১৯০৫ চনত দক্ষিণ আফ্ৰিকাত পোৱা তিনি হাজাৰ ১০৬ কেৰেটৰ কুলিনান হীৰাতকৈও বতচোয়ানাৰত পোৱা এই হীৰাটুকুৰা বহুত ডাঙৰ৷ উল্লেখ্য যে কুলিনান হীৰাটুকুৰাক কাটি ন টুকুৰা কৰা হৈছিল৷ এই টুকুৰাবোৰৰ প্ৰায়কেইটাই ব্ৰিটিছ ৰাজমুকুটত স্থান পাইছে৷ এইবাৰ হীৰাৰ টুকুৰাটো বতচোয়ানাৰ ৰাজধানী গেবোৰোনৰ প্ৰায় ৫০০ কিলোমিটাৰ উত্তৰে অৱস্থিত কাৰোই খনিৰ পৰা পোৱা গৈছে৷ উল্লেখ কৰা ভাল যে দেশখনত ইয়াৰ আগতেও ২০১৯ চনত এটা খনিৰ পৰাই এহেজাৰ ৭৫৮ কেৰেটৰ আৰু এডোখৰ হীৰা পোৱা গৈছিল৷ বিশ্বৰ বৃহত্তম হীৰা উৎপাদক দেশবোৰৰ ভিতৰত বতচোয়ানাও অন্যতম৷ বিশ্বৰ যিমান হীৰা উৎপাদন হয়, তাৰ ২০ শতাংশই আহে এই দেশৰ পৰা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here