বিশ্বৰ দীৰ্ঘতম নদীআমাজনৰ শুকাইছে বক্ষ

0
327

বিশ্বৰ দীৰ্ঘতম নদী আমাজন শুকাই যাবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত নদীখনৰ গতিপথৰ বৰ্তমান আৰু অতীতৰ ছবি প্ৰকাশ পাইছে৷ তাৰ পৰাই দাবী কৰা হৈছে যে আমাজনৰ বক্ষ শুকাবলৈ লৈছে৷ নিউজ উইক নামৰ সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত এই কথা কোৱা হৈছে যে আমাজনৰ সকলোতকৈ বৃহৎ উপনদী ৰিঅ’ নিগ্ৰোৰ জলস্তৰ যথেষ্ট কমি আহিছে৷ এই উপনদীখনৰ জলস্তৰ প্ৰতিদিনে প্ৰায় ২০ চেণ্টিমিটাৰপৰ্যন্ত কমি যোৱাৰ তথ্য লাভ কৰিছে৷ আন এক প্ৰতিবেদন অনুসৰি উত্তৰ আমাজনৰ বৃষ্টিপাতৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে৷ অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণ কমি যোৱাৰ ফলত আমাজনৰ জলস্তৰ ক্ৰমে কমি যাবলৈ আৰম্ভ কৰিছে৷ আমাজন ৱৰ্কিং গ্ৰুপে সদৰী কৰা অনুসৰি নদীখনৰ স্ৰোত কমি অহাৰ ফলস্বৰূপে নদীসংলগ্ল অঞ্চলসমূহত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই অঞ্চলসমূহ খৰাঙৰ কবলত পৰিছে৷ লাভ কৰা তথ্য মতে আমাজনৰ নদীসংলগ্ন ৬২টা  বসতিপ্ৰধান অঞ্চলৰ ভিতৰত ৫৯টা অঞ্চলেই খৰাঙৰ কবলত পৰিছে৷ অৰ্থাৎ আমাজনৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাই খৰাং পৰিস্থিতিৰ মাজত বাস কৰিবলগীয়া হৈছে৷ যাৰ ফলত বিভিন্ন সমস্যাই গা কৰি উঠিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here