বিশ্বৰ তাপমাত্ৰা বৃদ্ধিৰবিৰূপ প্ৰভাৱ পৰিছে উদ্ভিদত

0
175


বিশ্বৰ তাপমাত্ৰা বৃদ্ধিৰ বিৰূপ প্ৰভাৱ পৰিছে উদ্ভিদত৷ ইয়াৰ ফলত উদ্ভিদৰ সালোক সংশ্লেষণ হ্ৰাস পাইছে৷ গ্ৰীষ্ম মণ্ডলৰ বনাঞ্চল আৰু কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে কৰা অধ্যয়নৰ পৰা বিজ্ঞানীসকলে এই তথ্য আগবঢ়াইছে৷ তেওঁলোকে জানিব পৰা মতে, বৰ্তমানৰ তাপমাত্ৰা বৃদ্ধিৰ চৰমসীমা পাৰ হৈছে, যাৰ ফলত গছৰ পাতৰ সূৰ্যৰ ৰশ্মিত হোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়া স্বাভাৱিক অৱস্থাত হোৱাৰ দৰে প্ৰভাৱশালী হৈ থকা নাই৷ ইয়াৰ প্ৰভাৱ পৰিৱেশতো পৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰিছে৷ মন কৰিবলগীয়া যে বিশ্বৰ বায়ু বিশুদ্ধ কৰি ৰখাত বনাঞ্চল তথা গছৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল গছৰ পাতে কৰা সালোক সংশ্লেষণ প্ৰক্ৰিয়া৷ গছৰ পাতে সূৰ্যৰ ৰশ্মি, শিপাই সংগ্ৰহ কৰা পানী আৰু আন খনিজৰ আৰু বায়ুমণ্ডলৰ পৰা শোষণ কৰা কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত সালোক সংশ্লেষণ কৰি নিজৰ আহাৰ প্ৰস্তুত কৰে৷ এই প্ৰক্ৰিয়াত পাতে বৃহৎ পৰিমাণৰ অক্সিজেন বায়ুমণ্ডললৈ এৰি দিয়ে৷ স্বাভাৱিক তাপমাত্ৰাত সালোক সংশ্লেষণৰ পৰা ভাল ফল পোৱা যায়৷ কিন্তু বিজ্ঞানীসকলে কৰা শেহতীয়া অধ্যয়নৰ পৰা এই কথা জানিব পাৰিছে যে বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলত গ্ৰীষ্ম মণ্ডলৰ গছৰ পাতৰ এই প্ৰক্ৰিয়াটো দুৰ্বল হৈ পৰিছে৷ কেলিফৰ্নিয়াৰ চাপমেন বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ তথা এই অধ্যয়নটোত গৱেষকৰ দলটোক নেতৃত্ব দিয়া গ্ৰেগৰী গল্ডস্মিথে কয় যে গ্ৰীষ্মকালত গছৰ সালোক সংশ্লেষণ ৪৬.৭ ডিগ্ৰী চেলচিয়াছলৈকে স্বাভাৱিক অৱস্থাত থাকে৷ কিন্তু বৰ্তমান তাপমাত্ৰাৰ এই সীমা পাৰ হৈছে আৰু সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াটো ক্ৰমাৎ দুৰ্বল হ’বলৈ ধৰিছে৷ ইয়াৰ প্ৰভাৱ বিনাশকাৰী হ’ব বুলি তেওঁ লগতে কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here