বিশ্বৰ গভীৰতম নীলা গহ্বৰৰ সন্ধান ক’ত লাভ কৰিলে বিজ্ঞানীয়ে ?

0
157


বিজ্ঞানীয়ে মেক্সিকোৰ উপসাগৰৰ বিশ্বৰ গভীৰতম নীলা গহবৰৰ সন্ধান লাভ কৰিছে৷ সমুদ্ৰতলিৰ ৯০০ ফুট গভীৰত এই বিশাল নীলা গহ্বৰটোৰ আয়তন এক লাখ ৪৭ হাজাৰ বৰ্গফুট বুলি বিজ্ঞানীয়ে জানিবলৈ দিয়ে৷ এই গহবৰত কোনো অক্সিজেন নাই৷ ইয়াৰ পানীৰ ৰং ইমান গাঢ় যে সূৰ্যৰ পোহৰ ইয়াৰ মাজেৰে পাৰ হ’ব নোৱাৰে৷ ইয়াৰ পানীৰ ৰং গাঢ় নীলা অথবা ক’লাৰ দৰে৷ মূলতঃ একধৰণৰ বেক্টেৰিয়াৰ কাৰণে এই পানীৰ ৰং খুব গাঢ় হয়৷ আকাশৰ পৰা এই গহবৰটো দেখিলে এটা সাধাৰণ জলাশয় বুলি ভ্ৰম হ’ব পাৰে৷ এই বিশাল গহ্বৰটোক স্থানীয় ভাষাত ‘তাম জা’ বুলি কোৱা হয়৷ ইয়াৰ অৰ্থ হ’ল গভীৰ পানী৷ এই নীলা গহ্বৰটোৰ সন্ধান চেটুমাল উপসাগৰৰ বক্ষত পোৱা গৈছে বুলি লাইভ ছায়েন্সৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে ২০২১ চনত পোনপ্ৰথমে এই বিশাল গহবৰৰ সন্ধান পোৱা গৈছিল৷ আনহাতে এই গহবৰৰ সৃষ্টিক লৈ ডিস্ক’ভাৰী ডটকমে এক বিশে¡ষণ আগবঢ়াইছে৷ এই সংস্থাটোৰ এক প্ৰতিবেদনত কোৱা হৈছে যে মেক্সিকোৰ এই উপসাগৰীয় অঞ্চলটোত চূণশিলৰ পৰিমাণ অতি বেছি৷ এইদৰে পোৱা এই চূণশিলবোৰ পানীৰ সংস্পৰ্শলৈ আহি এই চূণশিলবোৰ বিলুপ্তি হৈ ক্ৰমান্বয়ে গহ্বৰৰ সৃষ্টি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here