বিশ্বৰ কোনখন দেশত সুখৰ অন্ত নাই : ইয়াৰ আঁৰৰ কাৰণ ?

0
877


মুদ্ৰাস্ফীতি, অৰ্থনৈতিক সংকট, নিবনুৱাৰ সমস্যা, মহামাৰী, সীমামূৰীয়া দুই দেশৰ মাজত যুদ্ধ বিগ্ৰহ, সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ, হিংস্ৰতা আদিয়ে সকলো সমস্যাই গোটেই বিশ্বৰ মানুহক শান্তিৰে শুব দিয়া নাই, যথেষ্ট কষ্টৰ, চিন্তাৰ মাজত দিন কটাবলগীয়া হৈছে বিভিন্ন দেশৰ নাগৰিকে৷ কিছু দেশৰ নাগৰিকে আকৌ আৰ্থিক অনাটনত জুৰুলা হৈ দিন পাৰ কৰিবলগীয়া হৈছে৷ এইবোৰ দেশবþ নাগৰিকে অনৱৰতে শংকা, ভয়, ভোকৰ মাজত সময় পাৰ কৰি জীৱন-যাপন কৰিছে৷ এই পৃথিৱীতে ইয়াৰ মাজতো আছে এই দেশ, য’ত সুখৰ অন্ত নাই৷ চাৰিওফালে কেৱল সুখ-শান্তিয়ে বিৰাজমান এই দেশৰ নাগৰিকে সুখকে সংগ কৰি আনন্দেৰে জীৱন পাৰ কৰিছে৷ বিশ্বৰ একমাত্ৰ দেশ, যিখন দেশে একেৰাহে ছয় বছৰ ধৰি বিশ্বৰ ভিতৰতে সকলোতকৈ সুখী দেশ হিচাপে চিহ্নিত হৈ আহিছে৷ এই সুখৰ অন্তৰালত কি নিহিত হৈ আছে অথবা কিহৰ ভিত্তিত এই সুখ, সেই কথা জনাইছে মনোবিজ্ঞানী ফ্ৰাংক মাৰ্টেলাই৷ নিউয়ৰ্ক পোষ্টৰ ৰিপ’ৰ্ট অনুয়াযী মাৰ্টেলাই কৈছে যে ইয়াৰ আঁৰত তিনিটা গুৰুত্বপূৰ্ণ আছে৷ যি ইয়াত বাস কৰা মানুহে তেওঁলোকৰ দৈনন্দিন জীৱনত অনুসৰণ কৰে৷ যিকোনো দেশৰ মানুহে যদি এই নিয়মবোৰ সঠিকভাৱে মানি চলে তেনেহ’লে সুখী হ’বলৈ বেছি সময়ত প্ৰয়োজন নাই৷ প্ৰথম নিয়ম হ’ল সম্প্ৰদায়ৰ কাৰণে বাচি থকাৰ অনুভূতি৷ মাৰ্টেলাই কৈছে যে ফিনলেণ্ডৰ মানুহে তেওঁলোকৰ ওচৰ, কাষত থকা সকলো মানুহৰে খেয়াল যত্ন লয়৷ তেওঁলোকে এনে কিছু কাম কৰাৰ চেষ্টা কৰে যাতে নিজৰ লগতে আনেও সুখী হৈ থাকিব পাৰে৷ জটিল তথা বিভিন্ন পৰিস্থিতিত আনৰ ওচৰত তেওঁলোকে থাকে আৰু সহায় কৰে৷
এই দেশত পৰিচালিত বহু গৱেষণাই নিশ্চিত কৰিছে যে আপুনি যদি বন্ধু-বান্ধৱ তথা প্ৰতিৱেশীৰ সৈতে সময় কটায়, তেন্তে আপোনাৰ জীৱন সুখেৰে ভৰি পৰিব৷ আপোনাৰ মনলৈ দুশ্চিন্তা তথা হকাশাৰ ভাব কেতিয়াও নাহিব৷
মাৰ্টেলাই ইয়াৰ তৃতীয় কাৰণ বা বিষয় সম্পৰ্কে যি কৈছে সেয়া কিন্তু সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ৷ আপোনাৰ দেশখন কিদৰে চলিছে, সেই কাৰকটোৰ ওপৰত সুখৰ বিশাল প্ৰভাৱ থাকে৷ দেশ এখনত অৰাজকতা তথা অস্থিৰতাই বিৰাজ কৰিলে সাধাৰণ নাগৰিকৰ মুখত হতাশাৰ চাপ ফুটি উঠে৷ সামাজিক, ৰাজনৈতিক বা অৰ্থনৈতিক যিকোনো ক্ষেত্ৰতে নহওক কিয়, দেশখনত সুস্থিৰতা থাকিলে সেয়াই নাগৰিকৰ সুখৰ মাপকাঠী৷
বিশ্বৰ আটাইতকৈ সু্‌খী দেশ ফিনলেণ্ডত যিসকলে বেছি উপাৰ্জন কৰে অথবা যিসকলে কমকৈ উপাৰ্জন কৰে, তেওঁলোকৰ মাজত খুব এটা বৃহৎ ব্যৱধান নাই৷ ইয়াৰ উপৰি চৰকাৰী স্বাস্থ্য সেৱাই যথেষ্ট উন্নত আৰু ফলপ্ৰসূ৷ গণ পৰিবহণৰ ব্যৱস্থা বেছ সস্তা আৰু নিৰ্ভৰশীল৷ জনগণৰ সিদ্ধান্ত লোৱাৰ স্বাধীনতা আছে৷ এই সকলোবোৰ কাৰণতে বিগত ছয়া বছৰ একেবাৰে বিশ্বৰ ভিতৰতে আটাইতকৈ সুখী দেশ হিচাপে শীৰ্ষস্থান দখল কৰি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here