বিশ্বৰ কভিড ভেক্‌চিন প্ৰথমে কোনে ল’লে?

0
1781

ব্ৰিটেইনত যোৱা ৮ ডিচেম্বৰৰ পৰা কৰ’না ভাইৰাছৰ ভেক্‌চিনৰ টিকাকৰণ আৰম্ভ হৈছে৷ ৮ ডিচেম্বৰৰ ৰাতিপুৱা স্থানীয় সময়মতে ৬-৩০ বজাত মধ্য ইংলেণ্ডৰ কভেণ্ট্ৰিৰ এখন চিকিৎসালয়ত ৯০ বছৰীয়া মাৰ্গাৰেট কীনানক সৰ্বপ্ৰথমে কৰ’নাৰ ভেক্‌চিন দিয়া হয় আৰু ইয়াৰ লগে লগে দেশখনত গণ টিকাকৰণ আৰম্ভ হয়৷ ইয়াৰ লগে লগে কৰ’নাৰ পৰীক্ষাৰ বাদে কৰ’নাৰ ভেক্‌চিন লোৱা তেওঁ বিশ্বৰ প্ৰথমগৰাকী ব্যক্তিৰূপে পৰিগণিত হয়৷ তেওঁক ফাইজাৰ-বায়’ এনটেকৰ ভেক্‌চিন দিয়া হয়৷ ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা চমুকৈ এন এইচ এছ-এ ইয়াক এক ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰিছে৷ মাৰ্গাৰেট কীনানে ভেক্‌চিন লোৱাৰ পাছত কয়, ‘মই বিশেষ কিবা এটা অনুভৱ কৰিছো, কিয়নো কভিড-১৯ৰ পৰা সুৰক্ষাৰ বাবে টিকাকৰণ কৰা মই প্ৰথমগৰাকী ব্যক্তিত পৰিগণিত হৈছোঁ৷’ উল্লেখ্য যে মাৰ্গাৰেটে অহা সপ্তাহত ৯১ বছৰত ভৰি দিব৷ তেওঁ লগতে কয় যে ই তেওঁৰ বাবে জন্মদিনৰ বিশেষ উপহাৰ৷ মাগাৰ্ৰেটক ভেক্‌চিনৰ দ্বিতীয়টো ড’জ ২১ দিনৰ পাছত দিয়া হ’ব৷ আনহাতে দেশৰ স্বাস্থ্য মন্ত্ৰী মেট হেনককে ব্ৰিটেইনত কৰ’নাৰ টিকাকৰণ আৰম্ভ হোৱাত সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ কয় যে আমি অন্ধকাৰ সুৰংগত পোহৰৰ ৰেঙণি দেখা পাইছোঁ৷ উল্লেখ্য যে দেশখনৰ ৭০খন চিকিৎসালয়ত ৮ ডিচেম্বৰৰ পৰা টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here