বিশ্বৰ এই দেশখনত মাত্ৰ তিনিটা কুকুৰ আৰু তিনিটা মানুহ

0
113

বৰ্তমান গোটেই বিশ্বতে ২২৫ খন দেশ আছে৷ ইয়াৰ ভিতৰত কিছু দেশ খুব ডাঙৰ আৰু কিছু দেশৰ আকাৰ তথা সীমাৰেখা সৰু৷ আনহাতে কিছুমান দেশত কোটি লোকে বাস কৰে, বিপৰীতে কিছুমান দেশত হাজাৰৰ হিচাপত মানুহে বসবাস কৰে৷ আনহাতে বিশ্বৰ সকলো দেশৰে প্ৰকৃতি, জলবায়ুৰ পৰিৱৰ্তন, প্ৰাকৃতিক সমতা, জৈৱ-বৈচিত্ৰ্য আদি ভিন্ন ভিন্ন৷ কোনোখন দেশত যদি ভীষণ গ্ৰীষ্ম প্ৰবাহ আনখন দেশত আকৌ মাইনাছ ডিগ্ৰী চেলচিয়াছৰ শীতলতা৷ কিন্তু বিশ্বত এনে এখন দেশ আছে, যাৰ কথা শুনিলে আপুনি আচৰিত হৈ পৰিব৷ এক প্ৰতিবেদনত এনে এখন দেশৰ কথা কোৱা হৈছে, যিখন দেশত বৰ্তমান তিনিটা কুকুৰ আৰু তিনিটা মানুহ বাস কৰে৷ আচলতে এই দেশখনক কথা কওঁতে সেইখন কোনো দেশ নহয়, ইয়াক এটা মাইক্ৰ’নেশ্যন বুলিব পাৰি৷ কিয়নো ইয়াৰ নিজৰ নৌবাহিনী, নিজস্ব একাডেমি, ডাক পৰিসেৱা, বেংক, মহাকাশ প্ৰগ্ৰাম, ৰে’লপথ তথা অনলাইন ৰেডিঅ’ ষ্টেচন আছে৷ এই দেশখন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেভেদাত অৱস্থিত৷ এই মাইক্ৰ’নেশ্যনটো মাত্ৰ ১১ একৰ ঠাই আগুৰি আছে৷ ইয়াক বিশ্বৰ আগত এটা গ্ৰাণ্ড ৰিপাবলিক অব গ’ল্ডষ্টেচন বা মোলোচিয়া প্ৰজাতন্ত্ৰ বুলি পৰিচিত৷ ১৯৭৭ চনত এই দেশ প্ৰতিষ্ঠা হৈছিল৷ এই দেশৰ জনসংখ্যাৰ কথা ক’বলৈ গ’লে মাত্ৰ ৩৮ জন৷ ইয়াৰে বৰ্তমান সময়ত তিনিটা কুকুৰ আৰু তিনিটা মানুহে বাস কৰে৷ মোলোচিয়া প্ৰজাতন্ত্ৰ নিজকে এখন দেশ বুলি দাবী কৰিলেও জাতিসংঘই ইয়াৰ কৰ্তৃত্ব স্বীকাৰ কৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here