বিশ্ব উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰাৰ বাবে বিজ্ঞানীসকলে বিভিন্নধৰণৰ উপায়ৰ কথা চিন্তা-চৰ্চা কৰি আছে৷ একাংশ বিজ্ঞানীয়ে সূৰ্যৰ ৰশ্মি পৃথিৱীলৈ অহাত বাধা দিয়াৰো প্ৰস্তাৱ দিছে৷ ইয়াৰ বাবে পৃথিৱীৰ চৌপাশে ধূলি বা ধোঁৱাৰ এক আৱৰণ দিয়াৰ কথাও কোৱা হৈছে৷ কিছুমান দেশে ধোঁৱা থকা বেলুনো আকাশত এৰি দিছিল৷ কিন্তু ভালেসংখ্যক বিশেষজ্ঞ আৰু দেশে ইয়াৰ বিৰোধিতা কৰিছে৷ তেওঁলোকৰ মতে, বিশ্বৰ উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰাৰ বাবে প্ৰাকৃতিক উপায়হে অৱলম্বন কৰিব লাগে অন্যথ্যা ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব৷ শেহতীয়াকৈ বিজ্ঞানীসকলে এটা নতুন প্ৰস্তাৱ আগবঢ়াইছে৷ তেওঁলোকৰ মতে যদিহে পৃথিৱীৰ এটা বৃহৎ অংশ, ঘৰ, কাৰ্যালয়ৰ চাল তথা ছাদ অতি বগা ৰঙেৰে পেইণ্ট কৰা হয় তেতিয়া উষ্ণতা বহুখিনি হ্ৰাস পাব৷ দুবছৰৰ আগতে আমেৰিকাৰ পৰ্ডিউ বিশ্ববিদ্যালয়ে এনেকুৱা ধৰণৰ বগা ৰং তৈয়াৰ কৰা বুলি দাবী কৰিছিল যি পৃষ্ঠভাগৰ উষ্ণতা হ্ৰাস কৰিব পাৰে৷ এ চি এছ এপ্লাইড মেটেৰিয়েল্ছ এণ্ড ইণ্টাৰফেছেজ নামৰ বাৰ্তালোচনীত এই বিষয়ে প্ৰকাশ পাইছে৷ বাৰ্তালোচনীখনত প্ৰকাশ পোৱা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি প্ৰায় সকলো ৰঙে উপৰিভাগ গৰম কৰে যদিও আটাইতকৈ বগা ৰঙে ঠাণ্ডা কৰে৷ সূৰ্যৰ প্ৰখৰ ৰ’দত সকলো পৃষ্ঠ গৰম হৈ পৰে, কিন্তু আটাইতকৈ বগা ৰঙৰ পৃষ্ঠ স্পৰ্শ কৰিলে ঠাণ্ডা অনুভৱ হয়৷ ঘৰৰ ছাদত এই ৰঙেৰে ৰং কৰিলে এয়াৰ কণ্ডিশ্বনাৰতকৈ অধিক ঠাণ্ডা পোৱা যাব বুলি কোৱা হৈছে৷ বিজ্ঞানীসকলে এতিয়া আটাইকৈ বগা ৰঙেৰে সকলো ঘৰৰ ছাদ ৰং কৰাৰ প্ৰস্তাৱ দিছে৷ তেওঁলোকৰ মতে পৃথিৱীৰ ১-২ শতাংশ অংশ এই ৰঙেৰে ৰং কৰিলে তাপমাত্ৰা হ্ৰাস কৰিব পৰা যাব৷ উল্লেখ্য যে বিশ্বৰ পৃষ্ঠভাগৰ মুঠ কালি হ’ল ১৯.৭ কোটি বৰ্গমাইল৷ ইয়াৰে অধিকাংশ হ’ল পানী৷ যদিহে ২০-৪০ লাখ বৰ্গমাইলো বগা ৰঙেৰে পেইণ্ট কৰিব পাৰি তেতিয়া উষ্ণতা বৃদ্ধি বহুখিনি ৰোধ কৰিব পৰা যাব৷ ইয়াৰ অৰ্থ হ’ল সমগ্ৰ আমেৰিকাৰ অথবা বিশ্বৰ বিভিন্ন দেশৰ এটাকৈ অংশৰ ঘৰৰ ছাদ তথা চাল বগা ৰঙেৰে পেইণ্ট কৰিব লাগিব৷ বিশ্বৰ এক শতাংশ অংশ পেইণ্ট কৰাৰ বাবে প্ৰয়োজন হ’ব ১৪০০০ কোটি গেলন আটাইতকৈ বগা ৰঙৰ৷ অৱশ্যে এই প্ৰস্তাৱটো কাৰ্যকৰী কৰাত কিছুমান অসুবিধাও নথকা নহয়৷