বিশ্বৰ উষ্ণতা বৃদ্ধিৰ ফলবৃদ্ধি পাইছে মহৰ উৎপাত

0
282


বিশ্বৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ চৰম পৰ্যায়ত উপনীত হোৱাৰ লগে লগে ইয়াৰ বিভিন্ন ধৰণৰ প্ৰভাৱ পৰা দেখা পোৱা গৈছে৷ উষ্ণতা বৃদ্ধিৰ লগে লগে বিশ্বত মহৰ উৎপাতো বৃদ্ধি পাবলৈ ধৰিছে৷ মহৰ ভৌগোলিক পৰিসৰো বৃদ্ধি পাইছে আৰু নতুন উচ্চ স্থানসমূহতো মহৰ দ্বাৰা সংক্ৰমণ হোৱা ৰোগ বৃদ্ধি পোৱা দেখা পোৱা গৈছে৷ এনে ধৰণৰ ঘটনা দক্ষিণ আমেৰিকাৰ উচ্চ অঞ্চলৰ পৰা পূব আফ্ৰিকাৰ ঘন জনবসতিপূৰ্ণ অঞ্চলত প্ৰত্যক্ষ কৰা হৈছে৷ আন কথাত নতুন নতুন অঞ্চলত মেলেৰিয়াৰ দৰে ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে৷ অটোৱা বিশ্ববিদ্যালয়ৰ অধ্যাপক মনীষা কুলকাৰ্নীৰ নেতৃত্বত গৱেষকৰ দল এটাই ছাব-ছাহাৰা অঞ্চলত কৰা গৱেষণাত লাভ কৰা তথ্যক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে৷ তেওঁলোকে ২০১৬ চনত কৰা এটা অধ্যয়নৰ পৰা জানিব পাৰে যে কিলিমাঞ্জাৰো পৰ্বতৰ উচ্চ স্থানসমূহৰ কেইবা বৰ্গকিল’মিটাৰ অঞ্চলত মেলেৰিয়াৰ সংক্ৰমণ কৰা মহ বিয়পি পৰিছে৷ একে ধৰণৰ পৰিস্থিতি হাৱাই দ্বীপপুঞ্জতো দেখিবলৈ পোৱা গৈছে৷ আফ্ৰিকাত ২০২১ চনত ৯৬ শতাংশ লোকৰ মৃত্যু হৈছিল মেলেৰিয়াত আক্ৰান্ত হৈ৷ মন কৰিবলগীয়া কথাটো হ’ল ২০০২-২০২১ সময়ছোৱাত বিশ্বত মেলেৰিয়াত হোৱা মৃত্যুৰ সংখ্যা হ্ৰাস পাইছিল৷ জন হপকিন্‌ছ ব্লুমবাৰ্গ স্কুল অব্‌ পাব্লিক হেল্‌থৰ মহ বিশেষজ্ঞ ডোগ নৰিছৰ মতে জলবায়ু পৰিৱৰ্তনৰ সৈতে মহৰ অধিক অঞ্চললৈ প্ৰসাৰিত হোৱাৰ লগত সম্পৰ্ক আছে৷ দীঘলীয়া সময় বৰষুণ হোৱা অঞ্চলসমূহত মহে কণী পৰাৰ বাবে উপযুক্ত স্থানসমূহ দীঘলীয়া কৰি দিয়ে৷ আনহাতে শুকান বতৰত মানুহে জমা কৰি ৰখা পানীত মহে কণী পাৰিবলৈ ধৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here