বিশ্বৰ উষ্ণতা বৃদ্ধিৰ প্ৰতিৰোধৰ বাবেজীৱাশ্ম ইন্ধন ব্যৱহাৰ বন্ধৰ আহ্বান

0
173


ডুবাইত অনুষ্ঠিত কপ ২৮ শীৰ্ষ সন্মিলনত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটাৰেছে কয় যে বিশ্বৰ উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ কয়লা আৰু জীৱাশ্ম ইন্ধনত নিৰ্ভৰশীলতা ক্ৰমান্বয়ে হ্ৰাস কৰি এসময়ত বন্ধ কৰিব লাগিব৷ গুটাৰেছে কয় যে ইয়াৰ ফলতে বৰ্তমান কাৰ্বনৰ নিৰ্গমণ যথেষ্ট বৃদ্ধি পাইছে৷ যাৰ ফলত বিশ্বৰ উষ্ণতা অহৰহ বৃদ্ধি পাই গৈ আছে৷ এই বিষয়ত ভাৰত বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে কয়লা ভাৰতৰ ইন্ধনৰ প্ৰধান উৎস আৰু ভৱিষ্যতেও হৈ থাকিব৷ ভাৰতে অজীৱাশ্ম ইন্ধনৰ উৎপাদন ৪৪ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিলেও এতিয়াও কয়লা ব্যৱহাৰ কৰি ৭৩ শতাংশ বিদ্যুৎ উৎপাদন কৰা হয়৷ উল্লেখ্য যে বৰ্তমান বিশ্বত চাৰি হাজাৰ টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমণ হৈ আছে৷ ইয়াৰ ফলত বায়ু প্ৰদূষণ, বিশ্বৰ উষ্ণতা বৃদ্ধি অহৰহ হৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here