বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে মানুহৰ চকুতো প্ৰভাৱ পেলাইছে৷ কানাডাৰ বিজ্ঞানীসকলে অলপতে কৰা এটা অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে৷ কানাডাৰ বিজ্ঞানীৰ দল এটাই আমেৰিকাৰ ৫০খন ৰাজ্যৰ ১৭ লাখ লোকক লৈ কৰা গৱেষণাৰ পৰা এই তথ্য পোহৰলৈ আহিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে গেৱষণাটো কৰি থকাৰ সময়ত দেখা পায় যে ঠাণ্ডা স্থানত থকা মানুহৰ তুলনাত গৰম স্থানত থকা ৫০ণ লোকে চকুৰ সমস্যাত ভুগিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি৷ ই চকুৰ কাৰ্নিয়া, লেন্স আৰু ৰেটিনাৰ ক্ষতি কৰিছে৷ ইয়াৰ লগতে চকুৰ খজুৱতি তথা সংক্ৰমণ বৃদ্ধি পাইছে৷ বিজ্ঞানীসকলে এই তথ্য লাভ কৰাৰ পাছত বিষয়টোক লৈ চিন্তিত হৈ পৰিছে৷ কানাডাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি জলবায়ু পৰিৱৰ্তনৰ ফলত তাপমাত্ৰাও বৃদ্ধি পাইছে৷ এই অধ্যয়নটো কৰা টৰণ্টো বিশ্ববিদ্যালয়ৰ গৱেষক এছমে ফুলাৰ থমছনে কয় যে বিশ্বৰ তাপমাত্ৰা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ এনে অৱস্থাত বৃদ্ধ লোকসকলৰ চকুৰ সমস্যা আৰু অধিক যাতে বৃদ্ধি পাব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হোৱাৰ প্ৰয়োজন হৈ পৰিছে৷ থমছনে কয় যে দৃষ্টি শক্তি হ্ৰাস পোৱাৰ লগত তাপমাত্ৰা বৃদ্ধিৰ যি সম্পৰ্ক দেখা পোৱা গৈছে সেয়া আ(ৰ্যজনক৷ অফথেলমিক এপিডেমিয়’লজি নামৰ বাৰ্তালোচনীখনত প্ৰকাশ পোৱা অনুসৰি এই অধ্যয়নটোত ৬৫ বছৰ বয়সৰ লোকৰ ২০১২ চনৰ পৰা পাঁচ বছৰৰ তথ্য সংগ্ৰহ কৰা হৈছিল৷ ইয়াত দেখা পোৱা গৈছিল যে চছমা লোৱাৰ পাছতো এই লোকসকলৰ দৃষ্টিশক্তি হ্ৰাস পাইছে৷ গৱেষকসকলৰ মতে, এনে ধৰণৰ পৰিস্থিতিত চকুৰ বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ আশংকা আছে৷ ইয়াৰ ভিতৰত কেটেৰেক্ট আৰু গ্লুকমাও আছে৷ এনে ৰোগৰ ফলত চকুৰ অপ্টিক স্নায়ুৰ ক্ষতি হ’ব পাৰে৷