বিশ্বৰ আটাইতকৈ সুন্দৰ গছজোপা কি আৰু ক’ত আছে ?

0
365


বিশ্বৰ আটাইতকৈ দেখিবলৈ সুন্দৰ গছজোপা আছে দক্ষিণ কোৰিয়াত৷ দেশখনৰ বায়িং ৰি গাঁৱত থকা এই গছজোপাৰ নাম হ’ল জিংকগো৷ দেখাত অতি সুন্দৰ এই গছজোপা ৮০০ বছৰ পুৰণি বুলি কোৱা হৈছে৷ গছজোপা দেখাত সোণৰ যেনেই লাগে৷ ডেইলি মেইলত প্ৰকাশ পোৱা অনুসৰি ৮০০ বছৰ পুৰণি এই গছজোপাক ১৯৬৫ চনত এক প্ৰাকৃতিক স্মাৰক হিচাপে সংৰক্ষণ কৰা হয়৷ গছজোপাৰ উচ্চতা হ’ল ৩৩ মিটাৰ প্ৰায় ১০৮ ফুট৷ গছজোপা পূব আৰু পশ্চিম দিশত ৩৭.৫ মিটাৰ বিস্তাৰিত হৈ আছে৷ ভিজিট কোৰিয়াত প্ৰকাশ পোৱা অনুসৰি এই গছজোপা ৰোপণ কৰিছিল ছিয়ংজু লীৰ পৰিয়ালৰ এজন সদস্যই৷ তেওঁ এসময়ত পানী খোৱাৰ কাৰণে ইয়াতে ৰৈছিল৷ তেওঁ যোৱাৰ পাছত তেওঁৰ কৰ্মচাৰীয়ে এই গছজোপা ইয়াতে ৰোপণ কৰিছিল৷ কিংবদন্তি অনুসৰি গছজোপাত এডাল বগা সাপ থাকে আৰু সেইকাৰণে গছজোপা ইমান মজবুত আৰু ডাঙৰ হয়৷ স্থানীয় লোকসকলৰ লোকবিশ্বাস মতে শৰৎ ঋতুত গছজোপা সোণালী হৈ পৰিছে তেওঁলোকৰ খাদ্যশস্য উৎপাদন বৃদ্ধি হয়৷ উল্লেখ্য যে এই অতি সুন্দৰ গছজোপা চাবলৈ প্ৰতিদিনে গড় হিচাপত চাৰি হাজাৰ লোক ইয়ালৈ আহে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here