বিশ্বৰ আটাইতকৈ বেছি মানৱীয় দুৰ্যোগগ্ৰস্ত দেশ : কেইবালাখ শিশু পুষ্টিহীন

0
267


বিশ্বৰ ভিতৰতে মানৱ দুৰ্যোগ হোৱা দেশসমূহৰ ভিতৰত আফগানিস্তান অন্যতম হিচাপে চিহ্নিত হৈছে৷ শেহতীয়াভাৱে হিউমেন ৰাইট্‌ছ ৱাটছ চমুকৈ এইচ আৰ ডব্লিউৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য সদৰী কৰা হৈছে৷ আফগানিস্তান-বিষয়ক উক্ত প্ৰতিবেদনখনত এইচ আৰ ডব্লিউ-এ কয় যে দেশখনৰ দুই তৃতীয়াংশ নাগৰিকৰ খাদ্যৰ নিৰাপত্তা নাই৷ উক্ত প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে প্ৰচাৰ মাধ্যমৰ পৰা বহু দূৰত অৱস্থান কৰিছে যদিও বিশ্বৰ ভিতৰত আটাইতকৈ বেছি মানৱীয় দুৰ্যোগ অহা আন দেশবোৰৰ ভিতৰত আফগানিস্তান অন্যতম৷ প্ৰতিবেদনখনৰ মতে এন জি অ’সমূহৰ বাবে কাম কৰি থকা মহিলাসকলক নিষিদ্ধ কৰাৰ পাছত সংকটটো অধিক গুৰুতৰ হৈছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে দেশখনৰ আঠ লাখ পয়সত্তৰ হাজাৰ শিশু খাদ্যৰ অভাৱত পুষ্টিহীনতাত ভুগিছে৷ ইয়াৰ ভিতৰত মহিলা আৰু ছোৱালীসকলৰ বিপদ আটাইতকৈ বেছি বুলিও কোৱা হৈছে৷ এইচ আৰ ডব্লিউৰ মতে সাহায্য বন্ধ হৈ যোৱাৰ বাবে বহু আফগান লোক বেছি দুখীয়া আৰু ভোকাতুৰ হৈ পৰিছে৷ ইফালে বিশ্ব বেংকে ইয়াৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে গুৰুতৰ খাদ্য সংকটত ভোগা বিশ্বৰ সাতখন দেশৰ ভিতৰত আফগানিস্তান অন্যতম৷ ইউনিচেফেও এইবুলি সকীয়াই দিছে যে আফগানিস্তানত ব্যাপক মানৱীয় সংকট চলি থকাৰ অৱস্থাত পুঁজিৰ নাটনি দেশখনত ইউনিচেফে খাদ্য সাহায্য নাটনিৰ সন্মুখীন হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here