এই পৃথিৱীৰ ক্ষুদ্ৰৰ পৰা বিশালাকৃতিৰ বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু পোৱা যায়৷ এইবোৰৰ চৰিত্ৰ, জীৱন-ধাৰণ তথা খাদ্যাভ্যাস বেলেগ বেলেগ৷ ইয়াৰ ভিতৰত বিশ্বত বিভিন্ন প্ৰকাৰৰ বিষাক্ত জীৱ আছে৷ এই বিষাক্ত প্ৰাণীবোৰৰ ভিতৰত কেইবা প্ৰজাতিৰ ভেকুলীও আছে৷ বিষাক্ত প্ৰজাতিৰ ভেকুলীৰ এবিধ প্ৰজাতি কলম্বিয়াত পোৱা গৈছে৷ গ’ল্ডেন পইজন ফ্ৰগ নামৰ ভেকুলীৰ প্ৰজাতিটো ইমানেই বিষাক্ত যে মানুহে ইয়াক চুলেও মৃত্যুমুখত পৰিব পাৰে৷ দেখিবলৈ অতিকে ধুনীয়া এই প্ৰজাতিৰ ভেকুলীৰ গাত থকা বিষ বিশজন প্ৰাপ্তবয়স্ক লোকৰ বাবে যথেষ্ট৷ জানিব পৰা মতে কলম্বিয়াৰ চিকাৰীসকলে ইয়াৰ বিষ ধেনুৰ কাঁড়ত ব্যৱহাৰ কৰে৷ দেখিবলৈ এই ভেকুলীটো হালধীয়া, সুমথিৰা আৰু পাতল সেউজীয়া ৰঙৰ৷ কেতিয়াবা স্থান ভেদে দেহৰ ৰং বেলেগো হয়৷ কিবা বিপদৰ আগজাননী পালে ইয়াৰ গাৰ ছালৰ পৰা আপোনা আপুনি বিষ ওলাবলৈ ধৰে৷ কেনেবাকৈ এই বিষ মানুহ বা অন্য জন্তুৰ গাত লাগিলে ইয়াৰ লক্ষণ দেখিবলৈ পোৱা যায়৷ মানুহৰ স্নায়ু সংকুচিত হ’বলৈ ধৰে আৰু কিছুসময় পাছতে মৃত্যুমুখত পৰে৷ এই ভেকুলীবিধ কেইবাটাও প্ৰজাতি আছে৷ বিশ্বৰ আন ঠাইত পোৱা এই প্ৰজাতিবোৰ কিন্ত ইমান বিষাক্ত নহয়৷