বিশ্বৰ আটাইতকৈ বাসোপযোগী মহানগৰ কোনখন জানেনে ?

0
519


ব্ৰিটেইনৰ দ্য ইকনমিষ্ট গ্ৰুপৰ ইকনমিষ্ট ইণ্টেলিজেণ্ট ইউনিট চমুকৈ ই আই ইউ-এ প্ৰকাশ কৰা তালিকা মতে ২০২৩ চনৰ পৃথিৱীৰ আটাইতকৈ উত্তম বাসোপযোগী মহানগৰখন হ’ল অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা৷ এই তালিকাত বিশ্বৰ আন ১৭৩খন মহানগৰৰ নাম আছে৷ স্বাস্থ্য, যত্ন, শিক্ষা, সুস্থিৰতা, আন্তঃগাঁথনি আৰু পৰিৱেশকে ধৰি ভালেমান কাৰকৰ ভিত্তিত মহানগৰসমূহৰ স্থান নিৰ্ণয় কৰা হয়৷ উক্ত তালিকাত ভাৰতৰ নতুন দিল্লী, মুম্বাই, বেংগালুৰু, আহমেদাবাদ আৰু চেন্নাই এই পাঁচখন মহানগৰেও স্থান লাভ কৰিছে৷ বসবাসৰ বাবে আটাইতকৈ ভাল মহানগৰসমূহৰ দ্বিতীয় স্থানত আছে ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেন৷ আনহাতে তালিকাত তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে অষ্ট্ৰেলিয়াৰ মেলবৰ্ন আৰু ছিডনী৷ শীৰ্ষৰ ১০খন মহানগৰৰ ভিতৰত কানাডাৰ তিনিখন মহানগৰে স্থান লাভ কৰিছে৷ সেইকেইখন হ’ল ক্ৰমে কেলগাৰি, ভেনকুলাৰ আৰু টৰণ্টো৷ উক্ত তালিকাত ছুইজাৰলেণ্ডৰ জুৰিখ আৰু জেনেভাই ক্ৰমে ষষ্ঠ আৰু সপ্তম স্থানত আছে৷ দশম স্থানত আছে জাপানৰ ওছাকা৷ উল্লেখ্য যে দ্য ইকনমিষ্ট গ্ৰুপৰ ইকনমিষ্ট ইণ্টেলিজেণ্ট ইউনিটে প্ৰতিবছৰে গ্লবেল লিভেবিলিটি ইনডেক্স প্ৰকাশ কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here