বিশ্বৰ আটাইতকৈ ধনী মহানগৰৰ কোনখন জানেনে ?

0
230


নিউয়ৰ্ক চহৰ বিশ্বৰ আটাইতকৈ ধনী তথা চহকী মহানগৰ হিচাপে পৰিগণিত হৈছে৷ লণ্ডনস্থিত কনছালটেন্সি ফাৰ্ম হেনলে এণ্ড পাৰ্টনাৰ্ছে প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ ধনী মহানগৰৰ তালিকাৰ পৰা এই কথা জানিব পৰা গৈছে৷ এই তালিকাখন উক্ত মহানগৰৰ থকা কোটিপতিৰ সংখ্যা আৰু তেওঁলোকৰ জীৱনশৈলীৰ দৰে বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে৷ এই তালিকাত লণ্ডনক বাদ দি ইউৰোপৰ এখনো মহানগৰে স্থান পাবলৈ সক্ষম হোৱা নাই৷ আনহাতে চীনৰ দুখন মহানগৰে প্ৰথম দহটাৰ ভিতৰত স্থান লাভ কৰিছে৷ ইয়াৰ পৰাই প্ৰতীয়মান হয় যে ইউৰোপত ধনী মানুহৰ সংখ্যা ক্ৰমে হ্ৰাস পোৱাৰ বিপৰীতে চীনত ধনী লোকৰ সংখ্যা বাঢ়িবলৈ ধৰিছে৷ প্ৰকাশিত এই তালিকাত নিউয়ৰ্কৰ পাছতে জাপানৰ টকিঅ’ মহানগৰে দ্বিতীয় স্থান লাভ কৰিছে৷ একেদৰে আমেৰিকাৰ ছেনফ্ৰান্সিছকো বে এৰিয়াই ৬৩জন বিলিয়নাৰ আৰু ২,৮৫,০০০ জন কোটিপতিৰে তৃতীয় স্থানত আছে৷ বিশ্বৰ আটাইতকৈ ধনাঢ্য মহানগৰৰ তালিকাত ছিংগাপুৰে পঞ্চম স্থানৰ পোৱা লগতে আমেৰিকাৰ লজ এঞ্জেলছে ৪২ জন বিলিয়নাৰেৰে ষষ্ঠ, হংকঙে সপ্তম, চীনৰ ৰাজধানী বেইজিঙে অষ্টম, ছাংহায়ে নৱম আৰু অষ্ট্ৰেলিয়াৰ ছিডনী মহানগৰে দশম স্থাল লাভ কৰিবলৈ সক্ষম হয়৷ আনহাতে উক্ত তালিকাত ভাৰতৰ ভিতৰত মুম্বাই মহানগৰ আটাইতকৈ ধনী মহানগৰ হিচাপে পৰিগণিত হৈছে৷ সামগ্ৰিকভাৱে মুম্বায়ে এই তালিকাত ২১ সংখ্যক স্থানত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here