বিশ্বৰ আটাইতকৈ দামী পানীয়বিধৰ দাম জানেনে ?

0
620

আমাৰ শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ৷ পানীয়ে আমাৰ শৰীৰক বিভিন্ন ধৰণৰ খনিজৰ যোগান ধৰে৷ নিজকে সম্পূৰ্ণভাৱে সুস্থ কৰি ৰখাৰ বাবে প্ৰতিজন মানুহে খনিজ লৱণ থকা বিশুদ্ধ পানী সেৱন কৰা উচিত৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশ্বৰ ধনী শ্ৰেণীৰ লোকসকলে খনিজৰে ভৰপূৰ পানী খায়৷ ইয়াৰ বাবে তেওঁলোকে বছৰি শখত পৰিমাণ ধন ব্যয় কৰে৷ ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন বিৰাট কোহলীয়ে বিদেশৰ পৰা আমদানি কৰা পানীয়ে খায়৷ তেওঁ খোৱা পানীৰ প্ৰতিলিটাৰ মূল্য চাৰি হাজাৰ টকা৷ কোহলীয়ে পানীৰ নামত প্ৰতিবছৰে ব্যয় কৰে প্ৰায় ৫ লাখ টকা৷ ইভিয়ান নেছাৰেল স্প্ৰিং বেণ্ডৰ পানী কোহলীয়ে ফ্ৰান্সৰ পৰা আমদানি কৰে৷ আনহাতে বিশ্বত কেইবাটাও দামী ব্ৰেণ্ডৰ পানী পোৱা যায়৷ ইয়াৰ ভিতৰত বিশ্বৰ আটাইতকৈ দামী পানীবিধৰ দাম প্ৰতিলিটাৰ প্ৰায় ৪৫ লাখ টকা৷ এই ব্ৰেণ্ডটোৰ নাম হ’ল একুৱা ডি ক্ৰিষ্টেল’ ট্ৰিবিউট’ এ মডিগলিয়ানি৷ গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত এই ব্ৰেণ্ডৰ পানীবিধ বিশ্ব আটাইতকৈ দামী পানীৰ স্বীকৃতি লাভ কৰিছে৷ ২০১০ চনৰ চাৰি মাৰ্চত একুৱা ডি ক্ৰিষ্টেল’ ট্ৰিবিউট’ এ মডিগলিয়ানিৰ এবটলৰ পানীৰ নিলাম হৈছিল ৬০ হাজাৰ মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৪৯ লাখ টকাত বিক্ৰী কৰা হৈছিল৷ দাবী কৰা অনুসৰি এই ব্ৰেণ্ডৰ পানীৰ প্ৰতিটো টোপালত স্বৰ্ণ ভস্ম মিহলি হৈ থাকে৷ এই পানী সেৱন কৰিলে মানুহে অধিক শক্তি লাভ কৰে আৰু মানুহ দীৰ্ঘদিনলৈ তৰুণ হৈ থাকে বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here