পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা গাঁওখন আছে ছাইবেৰিয়াত৷ ৰাছিয়াৰ ছাখা ৰিপাব্লিকৰ অন্তৰ্গত এই গাঁওখন৷ গাঁওখনত আটাইতকৈ গৰম দুপৰীয়াৰ তাপমাত্ৰা হ’ল-৪০০ চেলচিয়াছ৷ গাঁওবাসীয়ে সহিব পৰা অৰ্থাৎ তেওঁলোকৰ কাৰণে স্বাভাৱিক তাপমাত্ৰা হ’ল -৬৮০ চেলচিয়াছ৷ এই গাঁওখনৰ নাম হ’ল য়াকুটিয়া৷ য়াকুটিয়াৰ বাসিন্দাসকলৰ জীৱন যথেষ্ট প্ৰত্যাহ্বানমূলক৷ দ্য ছানত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি অতিমাত্ৰা শীতৰ কাৰণে এই গাঁওখনত কিছুমান মানুহ হয়তো কিছু সময়হে জীয়াই থাকিব পাৰিব৷ কিন্তু ই এখন সুন্দৰ গাঁও৷ গাঁওখনৰ লোকসকলৰ পুৱা শুই উঠি কৰা প্ৰথমটো কাম কাঠ খৰি গোটোৱা৷ ইয়াৰ পাছত তেওঁলোকে জুহালত জুই ধৰি ঘৰ ভিতৰৰ পৰিৱেশ গৰম কৰি তোলে, যাতে তাত থাকিব পৰা যায়৷ তাত ঘৰবোৰ সাধাৰণতে কংক্ৰিটৰ পাইলৰ ওপৰত নিৰ্মাণ কৰা হয় আৰু এই ঘৰবোৰ যিমান পাৰি শীত প্ৰতিৰোধী হোৱাকৈ নিৰ্মাণ কৰা হয়৷ অতি মাত্ৰা শীতৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে গাঁওখনৰ লোকসকলে অধিক মাত্ৰাত গৰম কাপোৰ পিন্ধে৷ ইয়াৰ লগতে ডাঠ জোতাও পৰিধান কৰে৷ প্ৰচণ্ড হিমপাত হোৱাত তেওঁলোকৰ বাবে প্ৰধান সমস্যাটো হ’ল ঘৰৰ ভিতৰখন উমাল কৰি ৰখাটো৷ এই মাহকেইটাত খোৱাপানীৰ যোগাৰ কৰাটোও আন এটা সমস্যা৷ গাঁওখনত পাইপেৰে পানীৰ যোগান ধৰাৰ কোনো ব্যৱস্থা নাই৷ ইয়াৰ প্ৰধান কাৰণ হ’ল অহৰ্নিশে পাইপত পানী বৰফ হৈ গোট মাৰি থাকে৷ ইয়াৰ উপৰি এই গাঁওখনত খেতি-বাতি কৰাটোও সম্ভৱপৰ নহয়৷ গৰমৰ মাহকেইটাত ষ্ট্ৰবেৰী আৰু গাখীৰেৰে প্ৰস্তুত কৰা অধিক পুষ্টিকৰ খাদ্য ভীষণ শীতকালৰ কাৰণে সাঁচি ৰাখে৷ গাঁওখনৰ লোকসকলে নিয়মীয়াকৈ মাছ, ষ্ট্ৰবেৰী আৰু ক্ৰিম খায়৷ দিনত অতিমাত্ৰা ঠাণ্ডা পৰিলে চুপ খায়৷ শিশুসকলে পুৱা মুখ ধোৱাকে ধৰি কৰা নিত্যকৰ্মত বৰফৰ পানীকে ব্যৱহাৰ কৰে৷ তাপমাত্ৰা -৫৫০ চেলচিয়াছৰ তললৈ নামিলে শিশুক স্কুললৈ পঠিওৱাতো বিপজ্জনক হৈ পৰে৷ য়াকুটিয়াত গড় হিচাপত নিম্নতম তাপমাত্ৰা হ’ল -৭১০ চেলচিয়াছ৷