বিশ্বৰ অষ্টম আশ্চৰ্যৰ স্বীকৃতিপালে কম্বোডিয়াৰ আংকৰ ৱাট-এ

0
433


বিশ্বৰ অষ্টম আশ্চৰ্যৰ স্বীকৃতি লাভ কৰিছে কম্বোডিয়াৰ আংকৰ ৱাটে৷ ইমানদিনে প্ৰেমৰ প্ৰতীক চাহজাহানে নিৰ্মাণ কৰা তাজমহল বিশ্বৰ অষ্টম আশ্চৰ্যৰ প্ৰতীকৰূপে পৰিচিত আছিল৷ পিছে বহু জল্পনা কল্পনৰ ওৰ পেলাই ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক সাংস্কৃতিক সংস্থা ইউনেস্ক’য়ে কম্বোডিয়াৰ আংকৰ ৱাটক বিশ্বৰ অষ্টম আ(ৰ্য হিচাপে স্বীকৃতি প্ৰদান কৰে৷ প্ৰাচীন ৰোমান চহৰ পম্পিয়েৰীক অতিক্ৰম কৰি এছিয়াৰ এই প্ৰাচীন স্থাপত্যই ৰাষ্ট˜সংঘৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে দ্বাদশ শতাব্দীত ৰজা দ্বিতীয় সূৰ্য বৰ্মনে নিৰ্মাণ কৰা এই হিন্দু পীঠস্থানে হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্থল৷ আনহাতে পৰ্যটকৰ আকৰ্ষিত কৰিব পৰা ৫০০ একৰ ভূমিৰে আগুৰা এই মন্দিৰটোৰ হিন্দু উপাসনাৰ স্থল আৰু ইয়াত হিন্দু আৰু বৌদ্ধৰ সংমিশ্ৰিত সংস্কৃতি দেখা যায়৷ কমলা, গুলপীয়া, সোণালী ৰঙৰ সমাহাৰে আস্বাদিত হোৱা মন্দিৰটোৱে পৰ্যটকক আকৰ্ষণ কৰে৷ উল্লেখ্য যে পৃথিৱীৰ অষ্টম আশ্চৰ্যৰ তালিকাত আগ্ৰাৰ তাজমহলৰ উপৰি অন্তৰ্ভুক্ত হৈছে চীনৰ প্ৰাচীৰ, মেক্সিকোৰ মায়া সভ্যতাৰ সময়ত নিৰ্মিত পিৰামিড, জৰ্দানৰ আন্তঃগাঁথনি, ৰিঅ’ দ্য জেনেৰিঅ’ৰ ক্ৰাইষ্ট এণ্ড ৰিডিমাৰ, ৰোমৰ কল’জিয়াম, ইনকা সভ্যতাৰ চহৰ মাছুডিছু৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here