বিশ্বাস হয়নে? এটুকুৰাচাবোনৰ দাম দুই লাখ টকা!

0
136


এটুকুৰা চাবোনৰ দাম কিমান হ’ব পাৰে বাৰু– খুব বেছি এহেজাৰ বা দুহোজাৰ টকা৷ কিন্তু এইখন বিশ্বত লাকটকীয়া চাবোনো যে পোৱা যায়, সেই কথা আমি বহুতেই নাজানো৷ জানিব পৰা মতে এই লাখটকীয়া চাবোনত সোণ আৰু হীৰাও থাকে৷ সেয়েহে ইয়াৰ দাম অত্যধিক বেছি বুলি জনা গৈছে৷ এই লাখটকীয়া চাবোন প্ৰস্তুত কৰা হয় লেবাননৰ ত্ৰিমলিত৷ লেবাননত এই চাবোনৰ দাম হ’ল ২৮০০ ডলাৰ৷ ভাৰতীয় টকাৰ মূল্যত ইয়াৰ দাম হ’ব দুই লাখ সাত হাজাৰ আঠশ টকা৷ এই চাবোন প্ৰস্তুত কৰা কোম্পানীটোৰ নাম হ’ল বদৰ হাছান এণ্ড ছন্‌ছ৷ উল্লেখ্য যে কোম্পানীটোৰ মালিকে এই চাবোনবিধ নিজ হাতে প্ৰস্তুত কৰে৷ এই চাবোনবিধৰ নাম ৰখা হৈছে দ্য খান এল চাবোন৷ কোম্পানীটোৱে ইয়াৰ উপৰি আন বহুতো বিলাসী চাবোন আৰু ক্ৰিম প্ৰস্তুত কৰে৷ কোম্পানীটোৰ বিশেষত্ব হ’ল ইয়াত প্ৰস্তুত কৰা সামগ্ৰীবোৰত বিশুদ্ধ দ্ৰব্য ব্যৱহাৰ কৰা৷ উল্লেখ্য যে সোণ আৰু হীৰাৰ গুৰিৰে প্ৰস্তুত কৰা বাবে এই চাবোনবিধ সিমান মসৃণ নহয়৷ কিন্তু শৰীৰৰ এই চাবোন ঘঁহিলে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয়৷ হাতেৰে তৈয়াৰ কৰা এই অত্যধিক দামী বিলাসী চাবোনবিধ সংযুক্ত আৰব আমিৰাটৰ কিছু বিশেষ দোকানতহে পোৱা যায়৷ ২০১৩ চনত এই চাবোনবিধ প্ৰথমে তৈয়াৰ কৰা হৈছিল৷ এই চাবোনৰ এটুকুৰা তৈয়াৰ কৰোঁতে ১৭ গ্ৰাম সোণৰ গুৰি, কিছু পৰিমাণে হীৰাৰ গুৰি, বিশুদ্ধ জলফাই তেল, মৌ, খেজুৰকে ধৰি কিছুমান সামগ্ৰী ব্যৱহাৰ কৰা  হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here