বিশ্ববাসীৰ ভোক নিবাৰণ কৰেমাত্ৰ ১২বিধ উদ্ভিদ, ৫বিধ জন্তুৱে

0
337


বিশ্বৰ ৪০০ কোটি লোকৰ ক্ষুধা নিবাৰণ কৰে মাত্ৰ ১২টা প্ৰজাতিৰ উদ্ভিদ আৰু প্তবিধ জন্তুৱে৷ এই ১২টা প্ৰজাতিৰ উদ্ভিদ তথা ৫টা প্ৰজাতিৰ জন্তু পৃথিৱীত নথকা হ’লে প্ৰায় ৪০০ কোটি লোক জীয়াই থকাটো কঠিন হৈ পৰিলহেঁতেন৷ ইয়াৰ কাৰণ হ’ল ইয়াৰ পৰাই পোৱা যায় প্ৰায় ৭৫ শতাংশ খাদ্য৷ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠনৰ এখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি সমগ্ৰ বিশ্বত উদ্ভিদৰ তিনি লাখতকৈ অধিক প্ৰজাতি আছে৷ ইয়াৰ ভিতৰত মাত্ৰ ৩০ হাজাৰ প্ৰজাতিকহে খোৱাৰ কথা মানুহে ভাবিব পাৰে৷ ইয়াৰ ভিতৰত সাত হাজাৰৰ মানুহো যিকোনো উপায়েৰে খেতি কৰে৷ কিন্তু মানুহৰ খাদ্য চক্ৰ চলি থকা উদ্ভিদৰ সংখ্যা হ’ল মাত্ৰ ২৫৫ বিধ৷ ইয়াৰ ভিতৰত মাত্ৰ ১২ বিধ উদ্ভিদে বিশ্বৰ প্ৰায় ৬০ শতাংশ লোকৰ ভোক নিবাৰণ কৰে৷ ইয়াৰ ভিতৰত আছে ধান, ঘেঁহু, গোমধান, কুঁহিয়াৰ, ছয়া, আলু, পাম তেল, শিমলু আলু, মিঠা আলু, বাদাম, মিলেট আৰু জোৱাৰ৷ মানুহে ২৬ প্ৰকাৰৰ খাদ্য শস্য, ১৭ প্ৰকাৰৰ গছৰ শিপা, ২৬ প্ৰকাৰৰ দাইল, ৪৪ প্ৰকাৰৰ শাক-পাচলি আৰু ৫৯ প্ৰকাৰৰ ফল-মূল খায়৷ আনহাতে মাত্ৰ পাঁচবিধ জন্তু মাংস মানুহে খায়৷ এই পাঁচবিধ জন্তুৱে বিশ্বৰ ১৪ শতাংশ লোকৰ ভোক নিবাৰণত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here