ভৱিষ্যতে বিশ্বত মহিলাই আধিপত্য বিস্তাৰ কৰিব৷ মহিলাৰ হাতলৈ যাব বিশ্ব৷ আগন্তুক দিনত বিশ্বব্ৰহ্মাণ্ডত কেৱল নাৰীৰহে জন্ম হ’ব বিপৰীতে পুৰুষৰ জন্মৰ হাৰ ক্ৰমে নোহোৱা হ’ব৷ মানুহসহ একাধিক স্তন্যপায়ী প্ৰাণীৰ লিংগ নিৰ্ধাৰণ হয় এক্স আৰু ৱাই ক্ৰম’জমৰ মাধ্যমেৰে৷ মহিলাসকলৰ ক্ষেত্ৰত দুটা এক্স ক্ৰম’জম থাকে আৰু পুৰুষৰ ক্ষেত্ৰত এটা এক্স তথা এটা ৱাই ক্ৰম’জম থাকে৷ আনহাতে এক্স ক্ৰম’জমৰ অন্তত ৯০০ টা জিন থাকে, যাৰ যোগসূত্ৰ যৌন কাৰ্যকলাপৰ সৈতে জড়িত৷ আনহাতে ৱাই ক্ৰম’জমৰ অন্তত ৫৫ টা জিন থাকে, যি এমব্ৰায়ো তথা ভ্ৰূণত পুৰুষৰ বৈশিষ্ট্য ফুটি উঠে৷ কিন্তু সাম্প্ৰতিক এটা সমীক্ষাত দাবী কৰা হৈছে যে এই ৱাই ক্ৰম’জমৰ সংখ্যা লাহে লাহে কমি আহিছে৷ প্লাটিপ্লাছৰ প্ৰসংগ দাঙি ধৰি অধ্যাপক জেনি গ্ৰিভছে জানিবলৈ দিছে যে বিগত প্ৰায় ১৬৬ মিলিয়ন বছৰ ধৰি মানুহ তথা প্লাটিপাছ, উভয়ৰ ক্ষেত্ৰতে ৱাই ক্ৰম’জম ৫৫ ৰপৰা ৯০০ সক্ৰিয় জিন হেৰাইছে৷ এই ক্ষতিৰ পৰিমাণ সংখ্যাৰ হিচাপে প্ৰতি মিলিয়ন বছৰত প্ৰায় পাঁচটা৷ এই হাৰ অব্যাহত থাকিলে ১১ মিলিয়ন বছৰত শেষৰ ৫৫টা জিনো নোহোৱা হ’ব৷ কিন্তু কিয় এনে হৈছে? দ্য উইকত প্ৰকাশিত প্ৰতিবেদন অনসৰি বেছিভাগ ৱাই ক্ৰম’জম পুনৰাবৃত্তিমূলক জাংক ডিএনএৰে গঠিত৷ গ্ৰিভছে কোৱা মতে ইয়াৰ অশক্ত, দুৰ্বল গঠনৰ বাবে ক্ৰমশঃ নিজৰ অস্তিত্ব বজাই ৰখাত ব্যৰ্থ হৈছে৷ যাৰ ফলত এইবোৰে নিজৰ অস্তিত্ব হেৰুওৱাৰ উপক্ৰম হৈছে৷ আৰু এনেদৰে থাকিলে হয়তো অনাগত দিনত এনে সময় আহিব, য’ত দেখা যাব ৱাই ক্ৰম’জমৰ অস্তিত্ব আৰু নাথাকে৷ অৰ্থাৎ সমাজৰ পৰা পুৰুষৰ অস্তিত্ব ক্ৰমে নাইকিয়া হৈ যাব৷ তেতিয়া সমগ্ৰ বিশ্বত ৰাজত্ব চলিব কেৱল মহিলাসকলৰ৷ যাক এক্স ক্ৰম’জমৰ অধিকাৰী বুলি কোৱা হয়৷ অৱশ্যে এই ভয়ংকৰ বিপদ যে আজিয়েই আহিব সেই বিষয়ে চিন্তা কৰাৰ প্ৰয়োজনবোধ নাই বা তাৰ কোনো সত্যতা নাই৷ সমীক্ষা পত্ৰত যি সম্ভাৱনাৰ কথা কোৱা হৈছে সেই হয়তো হ’ব পাৰে ১১ মিলিয়ন বছৰ পাছত৷ বিজ্ঞানীয়ে কোৱা অনুসৰি এই বিষয়ে আৰু বিস্তাৰিতভাৱে গৱেষণাৰ কৰাৰ যথেষ্ট থল আছে৷