বিশ্বত ভেকুলীকে ধৰি ৪০.৭%উভচৰ প্ৰাণী অস্তিত্বৰ সংকটত

0
153


এসময়ত লিপিবদ্ধ থকা ‘ভেকুলীৰ টোৰটোৰণিত বাৰিষা আহে’ বোলা আপ্তবাক্যশাৰী যেন বৰ্তমান সময়ত অমূলক হৈ পৰিছে৷ জলবায়ু পৰিৱৰ্তন, পৃথিৱীৰ উষ্ণতা বৃদ্ধি আদিৰ দৰে পৰিঘটনাবোৰৰ ফলত এতিয়া অসময়ত বানপানী, ধুমুহা, পাহাৰ স্খলন আদি হোৱা পৰিলক্ষিত হয়৷ আনহাতে ইয়াৰ ফলতে প্ৰকৃতিৰ জীৱকুলৰ মাজৰ চৰম অস্তিত্বৰ সংকট আহিছে৷ যাৰ ফলত বাৰিষা ভেকুলীৰ টোৰটোৰণি শুনিবলৈ নোপোৱা হৈছে৷ অকল ভেকুলীৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ বিশ্বতে ছালমাণ্ডাৰ, ছিছিলিয়ানৰ দৰে উভচৰ প্ৰাণীৰ সংখ্যা ভয়াৱহভাৱে কমি গৈছে৷ এই সন্দৰ্ভত এক গৱেষণা পত্ৰ প্ৰকাশিত হৈছে নেচাৰ পত্ৰিকাত৷ প্ৰকাশিত গৱেষণা পত্ৰৰ পৰা জনা গৈছে যে অবিলম্বে বিপন্ন প্ৰাণীবোৰৰ সংৰক্ষণ প্ৰয়োজন৷ তথ্য মতে ২০০২ চনৰ পৰা ২০২২ চনৰ ভিতৰত ৩০০ বিধৰো বেছি উভচৰ প্ৰাণী অস্তিত্বৰ সংকটত পৰিছে৷ জনা মতে প্ৰতি পাঁচটা উভচৰ প্ৰাণীৰ ভিতৰত দুটাই বিলুপ্তি হৈছে এই পৃথিৱীৰ পৰা৷ সেয়ে এতিয়াই সাৱধানতা অৱলম্বন নকৰিলে এই সংখ্যা আৰু বাঢ়ি গৈ থাকিব৷ সম্প্ৰতি ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অব নেচাৰৰ উদ্যোগত বিপন্ন প্ৰাণীবোৰৰ এখন তালিকা প্ৰস্তুত কৰিছে৷ নেচাৰৰ এই তালিকাৰ বাবে বিশ্বৰ মোটামুটি ৮০১১ টা প্ৰজাতিৰ প্ৰাণীক পৰ্যবেক্ষণ কৰা হৈছিল৷ দেখা গৈছিল যে ইয়া মাজৰ ৪০.৭ শতাংশ প্ৰজাতিয়েই অস্তিত্বৰ সংকটত পৰিছে আৰু ইয়াৰ সৰহভাগেই উভচৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here