বিশ্বত প্ৰথমবাৰলৈ গাহৰিৰদেহত মানৱ কিডনীৰ বিকাশ

0
312


গাহৰিৰ কিডনী মানৱ দেহত সফলতাৰে সংৰোপণ কৰাৰ পাছত এতিয়া বিজ্ঞানীসকলে প্ৰথমবাৰলৈ গাহৰিৰ দেহত মানৱ কিডনীৰ বিকাশ ঘটাবলৈ সক্ষম হৈছে৷ এই কথা জানিব পৰা গৈছে ‘চেল ষ্টেম চেল’ নামৰ বিজ্ঞান বাৰ্তালোচনীখনত প্ৰকাশ পোৱা এখন প্ৰতিবেদনৰ পৰা৷ বাৰ্তালোচনীখনৰ শেহতীয়া সংস্কৰণত প্ৰকাশ পোৱা অনুসৰি চীনৰ গোৱাংঝৌ ইন্‌ষ্টিটিউট অব্‌ বায়’মেডিচিন এণ্ড হেল্‌থৰ বিজ্ঞানীসকলে এই চমৎকাৰ সাফল্য লাভ কৰিছে৷ চীনৰ বিজ্ঞানীসকলে প্ৰতিবেদনখনত কয় যে তেওঁলোকে গাহৰিত মানৱ প্ৰকৃতিৰ কিডনীৰ বিকাশ ঘটাইছে৷ ইয়াত মানুহৰ কোষো¸ আছে৷ চীনৰ বিজ্ঞানীসকলে কৰা গৱেষণাই অনাগত দিনবোৰত অংগদানৰ সমস্যা সমাধান কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ তেওঁলোকে মানুহ আৰু গাহৰিৰ কোষৰ সংযোজন ঘটাই মানৱ-গাহৰি চিমেৰিক ভ্ৰূণৰ সৃষ্টি কৰে আৰু ছাৰ’গেট মাইকী গাহৰিলৈ স্থানান্তৰ কৰে৷ অৱশ্যে বিজ্ঞানীসকলৰ মতে, বৰ্তমান এই কিডনী মানুহৰ শৰীৰত সংৰোপণ কৰিব পৰা পৰ্যায় হৈ উঠা নাই৷ কিয়নো বিকাশ কৰা কিডনীত ৰক্তবাহী নলী আৰু স্নায়ুবিলাক গাহৰিৰ৷ কিন্তু এই কিডনীক ভৱিষ্যতে মানৱ শৰীৰত সংৰোপণ কৰিব পৰাকৈ বিকাশ ঘটাব পৰা যাব বুলি বিজ্ঞানীসকল আশাবাদী৷ প্ৰতিষ্ঠানটোৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি জেনেটিকেলী ইঞ্জিনীয়াৰিং একক-কোষৰ গাহৰিৰ ভ্ৰূণ সৃষ্টিত থকা বাধা আঁতৰিল৷ উল্লেখ্য যে পূৰ্বতে কেইবাবাৰো গাহৰিৰ দেহত মানৱ কিডনী বিকাশৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও সফলতা লাভ কৰা নাছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here