বিশ্বত গৃহহীন লোকৰসংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি

0
310

সমগ্ৰ বিশ্বতে দৈনিক জনসংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ইয়াৰ সমান্তৰালভাৱে বিভিন্ন দেশত অভাৱ-অভিযোগ বৃদ্ধি পাইছে৷ কিছু দেশৰ নাগৰিকে জীৱন ধাৰণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে৷ ইয়াৰ ফলত বিভিন্ন দেশৰ মাজত বিশেষকৈ সীমামূৰীয়া দেশবোৰৰ মাজত সীমা বিবাদকে ধৰি আন্তঃৰাষ্ট্ৰীয় সমস্যাক লৈ ভেদাভেদ বাঢ়িছে৷ ৰাছিয়া-ইউক্ৰেইন আৰু শেহতীয়াভাৱে হোৱা ইজৰাইল-হামাছাৰ মাজত হোৱা যুদ্ধই ইয়াৰ প্ৰকৃত উদাহৰণ৷ ইজৰাইল আৰু হামাছাৰ মাজত হোৱা যুদ্ধৰ ফলত হাজাৰৰ ঘৰত লোক সন্ধানহীন হৈছে, অঘৰী হৈ পৰিছে৷ এই যু্‌দ্ধৰ ফলত দেশ দুখনত অভাৱনীয়ভাৱে মানৱীয় সংকটৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক তথ্যই পুনৰ বিশ্বৰ জনতাক ভবাই তুলিছে৷ ৰাষ্ট্ৰসংঘই শেহতীয়াভাৱে প্ৰকাশ কৰা এক তথ্য মতে সমগ্ৰ বিশ্বতে গৃহহীন লোকৰ সংখ্যা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে৷  ৰাষ্ট্ৰসংঘৰ প্ৰকাশ কৰা মতে সমগ্ৰ বিশ্বত ঘৰ-বাৰী সৰ্বস্ব হেৰুৱাই গৃহহীন হোৱা লোকৰ সংখ্যা ১১.৪ কোটি বুলি প্ৰকাশ কৰিছে৷ যোৱা বছৰৰ শেষভাগৰ পৰা চলিত মাহৰ মাজভাগলৈ বিশ্বত সৰ্বমুঠ গৃহহীন হৈছে প্ৰায় ৫.৬ নিযুত লোক৷ যুদ্ধ, অনাবৃষ্টি, হিংসা, সংঘৰ্ষ, বান আদি প্ৰাকৃতিক দুৰ্যোগকে ধৰি নিৰাপত্তাহীনতাত ভোগা এই লোকসকল নিজ ঘৰ-বাৰী হেৰুৱাই আশ্ৰয়হীন হৈ পৰিছে৷ আন আন কাৰকসমূহৰ লগতে মূলতঃ ৰাছিয়া আৰু ইউক্ৰেইন আৰু ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধই এই ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here