বিমানত ভ্ৰমণ বা বিমানত যাত্ৰাৰ কৰাৰ সময়ত ফ্লাইটটো টেক অফ যোৱাৰ লগতে যাত্ৰীসকলক তেওঁলোকৰ স্মাৰ্টফোনটো ফ্লাইট মুড বা এৰোপ্লেন মুডত ৰাখিবলৈ কোৱা হয়৷ ইয়াৰ বাবে প্ৰতিটো স্মাৰ্টফোনে ফ্লাইট মুড হৈ যায়৷ ইয়াৰ ফলত ফোনকল, বাৰ্তা বা ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা হয়৷ কিন্তু কেতিয়াবা ভাবিছেনে যে বিমান স্মাৰ্টফোনটো কিয় ফ্লাইট মুডত ৰখা হয়৷ ইয়াৰ অন্যতম কাৰণ হ’ল ছিগনেলৰ সমস্যা৷ বিমান যাত্ৰীয়ে ফোনৰ ছিগনেল অন কৰি বা সক্ৰিয় কৰি ৰাখিলে পাইলটৰ ৰেডিঅ’ ছিগনেল আদান-প্ৰদান বিঘ্নিত হ’ব পাৰে৷ কিয়নো বিমানৰ পাইলটসকলে যোগাযোগৰ মাধ্যম হিচাপে ৰেডিঅ’ ছিগনেলৰ ওপৰত নিৰ্ভৰশীল৷ স্মাৰ্টফোনৰ ছিগনেল সক্ৰিয় হৈ থাকিলে এয়াৰ ট্ৰেফিক তথা আকাশত উৰি থকা অন্য বিমানৰ পাইলটৰ সৈতে যোগাযোগত ব্যাঘাত জন্মে৷ হয়তো মোবাইল ফোনৰ জি এছ এম ছিগনেলে ৰেডিঅ’ ছিগনেলৰ বিজুতি ঘটাব পাৰে৷ মূলতঃ ছিগনেলৰ সমস্যাৰ এৰাই চলাৰ বাবে যাত্ৰীসকলক মোবাইল ফোন ফ্লাইট মুডত ৰাখিবলৈ নিৰ্দেশনা দিয়ে৷ বিমানত যাত্ৰা কৰাৰ সময়ত আপুনি যদি এই বিষয়ে নামানে, আপুনি যদি স্মাৰ্টফোনটো ফ্লাইট মুডত নাৰাখে, তেনেহ’লে বিমানৰ নেভিগেশ্যনৰ সমস্যাৰ সৃষ্টি কৰি বিপদৰ সম্মুখীন হোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ ফলত বিমানখন ভয়ংক দুৰ্ঘটনাৰ চিকাৰ হ’ব পাৰে৷ আচলতে নেভিগেশ্যনৰ কাম হ’ল বিমানখনক সঠিক পথ নিৰ্দেশনা দেখুওৱা৷ বিমানত যদি মোবাইল ফ্লাইট মুডত ৰখা হয়, তেনেহ’লে মোবাইলৰ নেটৱৰ্কৰ দ্বাৰা বিমানখনৰ নেভিগেশ্যনত কোনোধৰণৰ প্ৰভাৱ নপৰে৷ কিন্তু বিমানত স্মাৰ্টফোনটোৰ হঠাৎ যদি ফ্লাইট মুড অফ কৰা হয়, তেনেহ’লে বিমানখন তাৰ পথৰ পৰা বিচ্যুতি বা কক্ষচ্যুত হৈ দূৰৰ আন কোনো ঠাইত পাবগৈ৷ ইয়াৰ ফলত বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে৷