বিমানত ভ্ৰমণ কৰাৰ সময়ত বিভিন্ন নিয়ম যে মানি চলিবলগীয়া হয়, সেই কথাটো আমি সকলোৱে জানোহক৷ বিমান যাত্ৰাৰ সময়ত কি সামগ্ৰী নিব পাৰি অথবা কি নিব নোৱাৰি, তাৰ এখন দীঘলীয়া তালিকা বিমানবন্দৰবোৰত অঁৰা থাকে৷ বিশেষকৈ বিমান ভ্ৰমণৰ সময়ত লাগেজ বহনৰ চৰ্ত দিয়া থাকে এয়াৰলাইনছ কোম্পানীবোৰে৷ আৰু এইসমূহ মানি চলাটো একান্তই বাধ্য৷ তেনে এটা বিষয় হ’ল বিমানত যোৱাৰ সময়ত কি ফল সম্পূৰ্ণৰূপে নিষিদ্ধ সেই কথাটো বহুতৰে বাবে অজানা কথা৷ আনকি বিমানত যাত্ৰা কৰাৰ সময়ত এই ফল লগত পালে জে’লপৰ্যন্ত হ’বও পাৰে৷ বিমান যি ফল নিয়াটো একেবাৰে নিষিদ্ধ সেই ফলবিধ হ’ল নাৰিকল৷ ইয়াৰ কাৰণ হিচাপে এইবিধ ফল ওজনযুক্ত হোৱা হেতু ইয়াক অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে৷ নিৰাপত্তাৰ কাৰণে ফ্লাইটত সাধাৰণতে নাৰিকলৰ সৈতে বিমান যাত্ৰা কৰিব নিদিয়ে৷ আনহাতে নাৰিকলৰ ভিতৰত থকা তৰল পদাৰ্থবোৰ কেনেবাকৈ ওলাই গ’লে বিমানৰ ভিতৰখন পিছল কৰি কেবিনৰ নিৰাপত্তাত ব্যাঘাত জন্মাব পাৰে৷