বিভিন্ন ৰোগক আমন্ত্ৰণ জনোৱাৰ লগতেধূমপানে বৃদ্ধত্বৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰে

0
386


ধূমপান স্বাস্থ্যৰ বাবে যে ক্ষতিকাৰক সেই কথা সকলোৱে জানে৷ তাৰ পাছতো মানুহে ধূমপান কৰিবলৈ নেৰে৷ ধূমপানে বিভিন্ন ধৰণৰ ৰোগকো আমন্ত্ৰণ জনায়৷ এই কথা বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে৷ কিন্তু শেহতীয়াকৈ কৰা এটা অধ্যয়নে এই ক্ষেত্ৰত নতুন তথ্যৰ সম্ভেদ দিছে৷ এই অধ্যয়নটোত লাভ কৰা তথ্য অনুসৰি ধূমপান মানুহৰ শৰীৰ বয়স বৃদ্ধি প্ৰক্ৰিয়াটোৰ সৈতে সম্পৰ্ক আছে৷ এই অধ্যয়নটোত কোৱা হৈছে যে ধূমপানৰ ফলত মানুহৰ বয়স বৃদ্ধি পোৱাৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হৈ পৰে৷ অত্যধিক চিগাৰেট সেৱনৰ ফলত তেজৰ স্বেত ৰক্ত কণিকাত থকা লিউকচাইট টেল’মিয়েৰৰ দৈৰ্ঘ্য হ্ৰাস পায়, যিটো আয়ুস কম হোৱাৰ কাৰণ বুলি কোৱা হৈছে৷ মিলানত অনুষ্ঠিত হোৱা ইউৰোপিয়ান ৰেছপিৰেটৰী ছ’চাইটি ইণ্টাৰনেশ্যনেল কংগ্ৰেছত হৌঝৌ নৰ্মেল ইউনিভাৰ্ছিটিৰ স্কুল অব্‌ ক্লিনিকেল মেডিচিনৰ সহকাৰী অধ্যাপক ছিয়ু দায়ে দাখিল কৰা এখন প্ৰতিবেদনত এই বিষয়ে উল্লেখ কৰা হৈছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে অধিক মাত্ৰাত চিগাৰেট সেৱন কৰিলে লিউক’চাইট টেল’মিয়েৰৰ দৈৰ্ঘ্য হ্ৰাস পায়, যিটোৱে কলাসমূহৰ মেৰামতি তথা বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াৰ ইংগিত দিয়ে৷ আন কথাত বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটোক অধিক ক্ষিপ্ৰ কৰি তোলে৷ যাৰ ফলত কম বয়সতে অধিক বয়সিয়ালৰ দৰে দেখা যায়৷ অধ্যয়নটোৰ পৰা লগতে এই কথাও জানিব পৰা গৈছে যে ধূমপানৰ সংখ্যাৰ সৈতে কম দৈৰ্ঘ্যৰ লিউক’চাইট টেল’মিয়েৰৰ সম্পৰ্ক আছে৷ যিসকলে আগতে ধূমপান কৰিছিল বা পূৰ্বতে ধূমপান কৰা নাছিল তেওঁলোকৰ কম দৈৰ্ঘ্যৰ লিউক’চাইট টেল’মিয়েৰ দেখা পোৱা নাছিল৷ অধিক মাত্ৰাত চিগাৰেট সেৱন কৰাসকলৰ লিউক’চাইট টেল’মিয়েৰৰ দৈৰ্ঘ্য যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে৷ আনহাতে লিউক’চাইট টেল’মিয়েৰৰ দৈৰ্ঘ্য হ্ৰাস পোৱাৰ ফলত হৃৎপিণ্ডৰ সৈতে সম্পৰ্ক থকা ৰোগ, মধুমেহ আৰু মাংসপেশী দুৰ্বল হোৱাৰ দৰে ৰোগৰো সম্পৰ্ক আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here