আজিকালি গেছ-এচিডিটিৰ সমস্যা নথকা মানুহ নোলাব৷ যিজনকেই সোধে আন শাৰীৰিক সমস্যাৰ পৰা মুক্ত হ’লেও তেওঁলোকৰ গেছৰ সমস্যা আছে৷ আনহাতে বহুদিন ধৰি শৰীৰত গেছৰ সমস্যাই থাকিলে ইয়াৰ পৰাই পাছলৈ বিভিন্ন মাৰাক্মক ৰোগেও দেখা দিব পাৰে৷ গেছ তথা এচিডিটিৰ সমস্যা নিৰাময়ৰ বাবে বহুতেই বিভিন্ন উপায় অৱলম্বন কৰিলে সম্পূৰ্ণ সুফল নাপায়৷ ঔষধ আদি সেৱন কৰাৰ ফলত কিছুদিন এনে সমস্যা নিৰ্মূল হয় যদিও পাছলৈ পুনৰ উক ধৰি উঠে৷ সেয়ে গেছ তথা এচিডিটিৰ পৰা সস্পূৰ্ণ আৰোগ্য লাভ কৰিবলৈ হ’লে আপুনি যোগাসন কৰাৰ অভ্যাস কৰিব পাৰে৷ যোগাসনে এইধৰণৰ সমস্যা পুলিয়ে-পোখাই নিৰাময় কৰিব পাৰে৷ তেনে ধৰণৰ যোগাসনৰ ভিতৰত মৎস্যাসন অন্যতম৷ মৎস্যাসন নামেই এই আসন ধৰণ কি হ’ব সেই কথা মনলৈ আহেই৷ অৰ্থাৎ মাছে পানীৰ তলত যি ভংগীত থাকে এই আসনৰ ভংগীও সেই একেই হয়৷ মাছৰ আকৃতিৰ এই আসনৰ ভংগিমাৰ ফলত কান্ধ তথা বুকু প্ৰসাৰিত হয়৷ ইয়াৰ ফলত পিঠিৰ ঠিক সোঁমাজ শক্ত হৈ থাকে, পেশী কিছু নৰম হয়৷ এই আসন পিঠিৰ বিষ কমাবলৈ অন্যতম উপযোগী৷ এই আসন কৰিলে গভীৰ শ্বাস-প্ৰশ্বাস লোৱাৰ ফলত ব্ৰংকিয়াল এজমা বা হাঁপানি ৰোগীসকলৰ বাবে বিশেষভাৱে উপকাৰী৷ নিয়মিতভাৱে মৎস্যাসন কৰাৰ ফলত থাইৰয়েড আৰু থাইমাছ গ্ৰন্থি উজ্জীৱিত হয়৷ যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ এই আসন কৰিলে শ্ৰেণীদেশ টান টান হয়৷ হজম সংক্ৰান্তীয় সমস্যাৰ পৰা উপশমৰ বাবে এই আসনৰ উত্তম৷ মৎস্যাসন কৰিলে শৰীৰৰ ৰক্ত সঞ্চালনৰ হাৰ বাঢ়ে, বিপাকক্ৰিয়া উন্নত হয়৷ ইয়াৰ ফলত শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ তলপেটৰ পেশী সক্ৰিয় তথা টোনড কৰে এই আসনে৷
কিদৰে কৰিব মৎস্যাসন ঃ- এই আসন কৰিবলৈ হ’লে প্ৰথমে মানুহগৰাকী মাটি বা মেটৰ ওপৰত মুখ ওপৰ কৰি শুই লওক৷ এতিয়া লাহে লাহে ভৰি দুখন কোঁচাই আনি গোৰোহা নিতম্বৰ তলত ৰাখক আৰু হাত দুখন ভৰিৰ গোৰোহো অথবা তপিনাৰ দুই কাষেও ৰাখিব পাৰে৷ ইয়াৰ পাছত মূৰটো মাটিত গুঁজি দিয়াৰ দৰে কৰি শৰীৰৰ মাজ অংশ ওপৰলৈ দাঙি ধৰাৰ চেষ্টা কৰক৷ এই সময়ত আপোনাক এটা মাছৰ পানীৰ তলত থকাৰ ভংগীৰ দৰে দেখা হ’ব লাগে৷ এইদৰে কিছু সময় থাকি পাছত আগৰ অৱস্থালৈ ঘূৰি আহক৷ এই সময়ত শ্বাস-প্ৰশ্বাস স্বাভাৱিক ধৰণে লওক৷