বিপদৰ সন্মুখীন মহাসিন্ধু ! গৱেষণাত চাঞ্চল্যকৰ তথ্য

0
59

বিশ্বৰ উষ্ণায়ন আৰু জলবাযু পৰিৱৰ্তন নেপথ্যত এই দুই মুখ্য কাৰকৰ কাৰণে সমগ্ৰ বিশ্বই সাংঘাতিক বিপদত পৰিবলৈ গৈ আছে৷ ইয়াৰ বিৰূপ প্ৰভাৱ মহাসাগবোৰতো পৰিবলৈ ধৰিছে৷ এনেকৈ থাকিলে হয়তো বিপদৰ সন্মুখীন হ’ব লাগিব মহাসিন্ধু৷ এতিয়া যি হাৰত সমুদ্ৰৰ জলস্তৰ বাঢ়িছে, এইদৰে জলস্তৰ বাঢ়ি থাকিলে অনাগত দিনত ভয়ংকৰ বিপদত পৰিব বিশ্ব৷ উল্লেখ্য যে ২০৫০ চনৰ ভিতৰত আমেৰিকাৰ ১২টা উপকূলীয় চহৰৰ প্ৰতি ৫০ গৰাকী বাসিন্দাৰ মাজৰ এজনে বন্যাৰ মুখামুখি হ’ব৷ আনহাতে ভাৰতৰ যথেষ্টসংখ্যক চহৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব বুলি শংকা ব্যক্ত কৰিছে গৱেষকে৷ পৰিৱেশবিদৰ গৱেষণাৰ ৰিপ’ৰ্টত আশংকা কৰা হৈছে যে এই শতকৰ শেষত আমাৰ দেশ ভাৰতৰ ১২খন চহৰ পানীত তলত যোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ পানীত ডুব যাব ভাৰতৰ এই চহৰসমূহ৷ এইদৰে জলপ্ৰলয়ৰ কবলত পৰিবলগীয়া ভাৰতৰ উল্লেখযোগ্য চহৰসমূহৰ ভিতৰত আছে মুম্বাই, চেন্নাই, কোচি, বিশাখাপট্টনম, কাণ্ডালা, ওখা, ভাওনগৰৰ দৰে কিছুমান চহৰ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থায়ো এই তথ্যৰ সমৰ্থন কৰিছে৷ যাৰ ফলত এতিয়া উদ্বেগ ক্ৰমে বাঢ়িবলৈ ধৰিছে৷ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা তথা জলবায়ুৰ পৰিৱৰ্তনৰ কুফল নিবাৰণৰ বাবে মহাসাগৰ অৰ্থাৎ পৃথিৱীৰ জলভাগৰ গুৰুত্ব কি এই সম্পৰ্কে কিছু জনাৰ প্ৰয়োজন আছে৷ আচলতে বতাহৰ উপস্থিতিত গ্ৰীনহাউছ গেছৰ যি বিপুল পৰিমাণৰ তাপ আবদ্ধ হৈ থাকে, তাৰ অধিকাংশই শোষণ কৰে মহাসাগৰবোৰে৷ ইয়াৰ লগতে কাৰ্বন-ডাই-অক্সাইড গেছো শোষণ কৰে৷ এই প্ৰচণ্ড তাপ শোষণৰ ফলত এফালে সামুদ্ৰিক বাস্তুতন্ত্ৰৰ বিস্তাৰ ক্ষতি হোৱাৰ লগতে বানপানী, ছুনামী, প্ৰলয়ৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বাঢ়ে৷ বিশেষকৈ ক্ষতিৰ সন্মুখীন হয় বিশ্বৰ সমুদ্ৰৰ উপকূলৱৰ্তী চহৰবোৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here