বিপদৰ আগজাননী : আকাশৰ পৰা হ’ব বেক্টেৰিয়াৰ বৰষুণ

0
264


আকাশৰ উৰি ফুৰা ডাৱৰ দেখি ভাল লাগে৷ এই ডাৱৰে কঢ়িয়াই আনে বৰষুণ তথা আশাৰ বতৰা৷ কিন্তু এই ডাৱৰো মানুহৰ বাবে যে শত্ৰু হৈ পৰিব পাৰে৷ ডাৱৰৰ লগতে বৰষুণে মানুহৰ বাবে ভয়াৱহ বিপদ মাতি আনিব পাৰে৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা এই তথ্য লাভ কৰা হৈছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি ডাৱৰে এনেকুৱা বেক্টেৰিয়া বহুদূৰলৈ লৈ যাব পাৰে, যিবিলাকত ঔষধেও কোনো প্ৰভাৱ নেপেলায়৷ ছায়েন্স অব্‌ দ্য টোটেল এনভাইৰনমেণ্ট নামৰ বাৰ্তালোচনীখনত প্ৰকাশ পোৱা অনুসৰি বিজ্ঞানীসকলে ডাৱৰৰ নমুনাত বেক্টেৰিয়া থকাৰ প্ৰমাণ পাইছে৷ এই বেক্টেৰিয়াবোৰৰ জিন এণ্টিবায়’টিক প্ৰতিৰোধী বুলি তেওঁলোকে জানিব পাৰিছে৷ ফ্ৰান্স আৰু কানাডাৰ বিজ্ঞানীসকলে এই তথ্য লাভ কৰাৰ পাছত এতিয়া ডাৱৰক অশুভ বুলি গণ্য কৰিবলৈ লৈছে৷ বাৰ্তালোচনীখনত প্ৰকাশ পোৱা এখন প্ৰতিবেদনত মুখ্য লেখক ফ্লৰেণ্ট ৰাছীয়ে কয় যে সাধাৰণতে বেক্টেৰিয়া গছৰ পাত, মাটি আদিত পোৱা যায়৷ এই বেক্টেৰিয়াবোৰে বতাহৰ জৰিয়তে বায়ুমণ্ডলত প্ৰৱেশ কৰে৷ বায়ুমণ্ডলৰ পৰা ডাৱৰৰ লগত মিহলি হৈ পৰে আৰু তাৰ পাছত বিশ্বৰ যিকোনো স্থান পাবগৈ পাৰে৷ ফ্ৰান্সৰ বিজ্ঞানীসকলে সুপ্ত জ্বালামুখীৰ ওপৰত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় চাৰি হাজাৰ ফুট উচ্চতাত থকা এটা গৱেষণা কেন্দ্ৰৰ পৰা ডাৱৰৰ নমুনা সংগ্ৰহ কৰিছিল৷ তেওঁলোকে কৰা গৱেষণাৰ পৰা জানিব পাৰিছে যে প্ৰতি মিলিলিটাৰ ডাৱৰত ৩৩০১ পৰা ৩০ হাজাৰতকৈ অধিক বেক্টেৰিয়া আছিল৷ আন কথাত গড় হিচাপত প্ৰতি মিলিলিটাৰ পানীত প্ৰায় জ্জ্ব হাজাৰ বেক্টেৰিয়া আছে৷ বিশেষজ্ঞসকলৰ মতে, বেক্টেৰিয়া এণ্টিবায়’টিকৰ সম্পৰ্কলৈ অহাৰ পাছত ইয়াৰ প্ৰতি প্ৰজন্মত এণ্টিবায়’টিক প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পাবলৈ ধৰে৷ ফলত এনেধৰণৰ বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে ৰোগৰ চিকিৎসা কৰাটো কঠিন বা কেতিয়াবা অসম্ভৱ হৈ পৰে৷ ৰাছীয়ে ডাৱৰত পোৱা অধিকাংশ বেক্টেৰিয়াই পৰিৱেশৰ লগত সম্পৰ্ক থকা৷ ইয়াৰে অধিকাংশ হানিকাৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here