বিপজ্জনক ভাইৰাছৰ নমুনা সন্ধানহীন : ক’ত ?

0
21

সমগ্ৰ বিশ্বত ভাইৰাছজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে৷ ভাইৰাছৰ সংক্ৰমণৰ ফলত শৰীৰৰ বিভিন্ন ভয়াৱহ ৰোগ হ’ব পাৰে৷ বিশেষকৈ কিছুমান ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যুপৰ্যন্ত হোৱাৰো সম্ভাৱনা থাকে৷ ইয়াৰ উদাহৰণ হিচাপে যোৱা দুবছৰ আগতে সমগ্ৰ বিশ্বজুৰি সংহাৰৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ কথাই ক’ব পাৰি৷ ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ ফলত বিশ্বজুৰি কেইবাহাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু কোটি লোকৰ জীৱন-জীৱিকাতো কি ধৰণৰ ব্যাপক প্ৰভাৱ পেলাইছে, তাক হয়তো বৰ্ণনা কৰিব নোৱাৰি৷ এই ভাইৰাছত মূল উৎপত্তি স্থল চীনৰ পৰাই সমগ্ৰ বিশ্বতে ধুমুহাৰ গতিত সংক্ৰমিত হৈছিল৷ যাক ৰোধ কৰাৰ কাৰো সামৰ্থ্য নাছিল৷ ঠিক অনুৰূপ ঘটনাই এইবাৰে সংঘটিত হোৱাৰ এক বাতৰি প্ৰকাশ পাইছে আৰু ইয়াৰ লৈ সমগ্ৰ বিশ্বতে উদ্বেগৰ সৃষ্টি কৰিছে৷ এইবাৰ অষ্ট্ৰেলিয়াৰ পৰা বিপজ্জনক ভাইৰাছৰ ৩২৩টা ভাইৰাছৰ নমুনা সন্ধানহীন হৈছে৷ অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ এটা চৰকাৰী স্বাস্থ্য গৱেষণাগাৰৰ পৰা বিপজ্জনক ভাইৰাছৰ ৩২৩ টা নমুনাৰ ভায়েল সন্ধানহীন হোৱাৰ পাছত ৰাজ্যখনৰ কতৃৰ্পক্ষই অনুসন্ধান আৰম্ভ কৰিছে৷ উল্লেখ্য যে ২০২৩ চনৰ আগষ্টত কুইন্সলেণ্ড পাব্লিক হে’ল্‌থ ভাইৰ’লজি লেবৰেটৰীৰ পৰা ভাইৰাছৰ এই নমুনাবোৰ সন্ধানহীন হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here