বিজ্ঞানৰ চমক : মৃত লোকৰ ভৱিষ্যতে প্ৰাণ সঞ্চাৰৰ চেষ্টা

0
121

আজিৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ যুগত অসম্ভৱ বোলা কোনে কথাই নোহোৱা হৈছে৷ বিজ্ঞানে যেন আপুনি কল্পনা কৰিব নোৱৰা কাম কৰি দেখুৱাইছে৷ নিতৌ নতুন উদ্ভাৱনেৰে বিজ্ঞানে চমক খুৱাই আহিছে৷ মানুহে বিজ্ঞানৰ সহায় লৈ নতুন নতুন আৱিষ্কাৰ কৰাত ব্যস্ত আছে৷ বিজ্ঞানে চমক সৃষ্টি কৰা এইবাৰৰ আৱিষ্কাৰক লৈ সকলোৱে আচৰিত হোৱাই নহয়, এই উদ্ভাৱন জৰিয়তে ভৱিষ্যতে মানৱ সমাজলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিব বুলি ধাৰণা কৰা হৈছে৷ অষ্ট্ৰেলিয়াৰ চাৰ্ডাৰ্ন ক্ৰায়ানিক্স নামৰ কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে এজন আশীৰোধবৰ্ৰ ব্যক্তিৰ মৃতদেহ মাইনাছ ২০০ ডিগ্ৰী ছেলচিয়াছ সমাধিস্থ কৰি ভৱিষ্যতে এই মৃতদেহৰ পৰা প্ৰাণ সঞ্চাৰ কৰা হ’ব বুলি দাবী কৰিছে৷ কথাটো শুনিবলৈ কেনেকুৱা আচৰিত নহয়নে বাৰু৷ কিন্তু আপুনি বিশ্বাস নকৰিলেও কথাটো একেবাৰে সঁচা৷ মাইনাছ ২০০ ডিগ্ৰী তাপমানৰ বৰফক এই মৃতদেহ সংৰক্ষণ কৰি কোম্পানীটোৱে এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে৷ কোম্পানীটোৱে আশা ব্যক্ত কৰা অনুসৰি অদূৰ ভৱিষ্যতে বিজ্ঞানে আৰু অধিক আগুৱাই যাব আৰু বিজ্ঞানৰ এই উত্থান তথা অগ্ৰগতিৰ ফলত বিশ্বত আমি কল্পনাও কৰিব নোৱৰা বহুতো ঘটনা দেখা যাব৷ তেনে সময়তে এই মৃতদেহটো বৰফৰ পৰা উলিয়াই নতুন জীৱন দিয়াৰ চেষ্টা চলোৱা হ’ব৷ উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত থকা হাৰ্ডাৰ্ন ক্ৰায়োনিক্সৰ পৰা কিছু দূৰত অৱস্থিত হোলব্ৰুক চহৰত স্থাপন কৰা এটা বিশেষ কেন্দ্ৰত এই মৃতদেহটো সমাধিস্থ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here