জলবায়ু পৰিৱৰ্তনৰ ফলত গ্ৰীনলেণ্ড আৰু উত্তৰ মেৰুৰ বৰফ পূৰ্বতকৈ অধিক হাৰত গলিবলৈ আৰম্ভ কৰিছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি বৰফ গলাৰ হাৰ ৩০ বছৰৰ পূৰ্বৰ তুলনাত প্ৰায় তিনি গুণ অধিক৷ দুই মেৰুৰ বৰফ গলাৰ ফলত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ উত্তৰ মেৰু মহাসাগৰত গ্ৰীনলেণ্ড এক বিশাল ভূভাগ আৰু বিশ্বৰ ভিতৰত সৰ্ববৃহৎ দ্বীপ৷ কিন্তু উত্তৰ মেৰুত আশা কৰাতকৈ অধিক হাৰত বৰফ গলিবলৈ ধৰিছে৷ ইয়াৰ ফলত দ্বীপটোৰ বিশাল বৰফ গলি গৰম মহাসাগৰলৈ পৰিৱৰ্তিত হ’বলৈ ধৰিছে৷ শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, গ্ৰীনলেণ্ডৰ তাপমাত্ৰা যোৱা এহেজাৰ বছৰৰ ভিতৰত সৰ্বাধিক হৈছেগৈ৷ উত্তৰ মেৰুৰ বৰফ গলাৰ ফলত ২০১৯ বৰ্ষত বিশ্বৰ ৪০ শতাংশ সাগৰৰ জলস্তৰ বৃদ্ধি পাইছিল৷ গ্ৰীনলেণ্ডৰ পিটাৰলেণ্ড হিমবাহ সংকুচিত হোৱাক লৈ বিজ্ঞানীসকল সৰ্বাধিক চিন্তিত হৈ পৰিছে৷ মহাসাগৰৰ সন্মুখৰ ভাগত থকা এই হিমবাহ সংকুচিত হোৱাৰ ফলত ইয়াৰ পাছত থকা বিশালাকায় বৰফৰ তৰপ গৰম হৈ সাগৰৰ পানীত মিলিত হ’ব৷ ইয়াৰ ফলত সাগৰৰ জলপৃষ্ঠ দুগুণ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ বিশ্বৰ সৰ্ববৃহৎ বৰফৰ তৰপ দ্ৰুত গতিত গলিবলৈ লোৱাৰ ফলত সমুদ্ৰৰ জলপৃষ্ঠ বৃদ্ধি পালে কম উচ্ছ দ্বীপ আৰু উপকূলীয় অঞ্চলসমূহলৈ বিপদ মাতিব৷ বিজ্ঞানীসকলৰ মতে, হিমবাহসমূহত বগা বৰফৰ লগতে ক্ষিপ্ৰগতিত আকাৰ বৃদ্ধি পোৱা ক’লা বৰফেও ইয়াক সংকুচিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ক’লা বৰফ বগা বৰফৰ তুলনাত অধিক দ্ৰুত গতিত গলিবলৈ ধৰিছে৷ বিশ্বৰ উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত হিমবাহ গলিবলৈ ধৰিছে আৰু ইয়াৰ ফলত এই অঞ্চলবোৰত থকা শিল আৰু ভূভাগ ওলাই পৰিছে৷ দ্য গাৰ্ডিয়ানত প্ৰকাশ পোৱা এটা বাতৰিত উল্লেখ কৰা অনুসৰি হিমালয়ৰ পৰা উত্তৰ মেৰুলৈকে ক’লা বৰফ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, এনেধৰণৰ শিল তথা মাটিয়ে উচ্চ
স্থানত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে৷ আৰু বৰফ গলাত সহায় কৰিছে৷ ইয়াৰ লগতে গ্ৰীনলেণ্ডত বেঙুনীয়া শেলায়ে সমস্যাৰ সৃষ্টি কৰিবলৈ লৈছে৷ ইও তাপমাত্ৰা বৃদ্ধিত সহায় কৰিছে৷ উত্তৰ মেৰু মহাসাগৰ গৰম হ’বলৈ ধৰাত থৱাইট্ছ হিমবাহত ফাটৰ সৃষ্টি হৈছে৷ বিজ্ঞানীসকলৰ মতে, যদিহে পৃথিৱীৰ উষ্ণতা উদ্যোগীকৰণৰ আৰম্ভণিৰ সময়ছোৱাৰ তুলনাত ১.৬ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পায় তেতিয়া গ্ৰীনলেণ্ডৰ বৰফৰ বিশাল চাদৰৰ অধিকাংশ গলিবলৈ ধৰিব আৰু ইয়াৰ ফলত সমুদ্ৰৰ জলপৃষ্ঠৰ উচ্চ
তা সাত মিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে৷