ভাৰত আৰু জাপানৰ বিজ্ঞানীসকলে হিমালয়ত এখন প্ৰাচীন মহাসাগৰৰ অৱশেষ আৱিষ্কাৰ কৰিছে৷ বেংগালুৰুৰ ইণ্ডিয়ান ইন্ষ্টিটিউট অব্ ছায়েন্স [আই আই এছ চি, বেংগালুৰু] আৰু জাপানৰ নিগাতা বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই হিমালয়ত এই প্ৰাচীন মহাসাগৰখনৰ অৱশেষ আৱিষ্কাৰ কৰিছে৷ গৱেষকসকলে পশ্চিম কুমাও হিমালয়ৰ বিশাল অংশত অধ্যয়ন কৰিছিল৷ তেওঁলোকে অমৃতপুৰৰ পৰা মিলাম হিমবাহলৈকে আৰু ডেৰাডুনৰ পৰা গংগোত্ৰী হিমবাহলৈকে এই বিশাল অঞ্চলটোত অধ্যয়ন কৰিছিল৷ তেওঁলোকে হিমালয়ৰ খনিজ ভাণ্ডাৰত লাগি থকা পানীৰ টোপাল আৱিষ্কাৰ কৰে৷ এই পানীৰ টোপালটো ৬০ কোটি বছৰৰ আগৰ মহাসাগৰৰ অৱশেষ বুলি অনুমান কৰা হৈছে৷ আই আই এছ চিয়ে প্ৰকাশ কৰা এটা বিবৃতিত এই কথা কোৱা হৈছে৷ ইয়াত কোৱা হয় যে হিমালয়ত আৱিষ্কাৰ কৰা খনিজ পদাৰ্থত কেলছিয়াম আৰু মেগনেচিয়াম কাৰ্বনেট পোৱা গৈছে৷ ইয়াৰ পৰা পৃথিৱীত কেনে ধৰণৰ ঘটনাৰ কাৰণে বৃহৎ মাত্ৰাত অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাইছিল, [অক্সিজেনেশ্যন] তাৰ তথ্য বিজ্ঞানীসকলে লাভ কৰিব পাৰিব৷ প্ৰিকাম্ব্ৰিয়ান ৰিছাৰ্চত প্ৰকাশ পোৱা এখন প্ৰতিবেদন আই আই এছ চিৰ চেণ্টাৰ ফৰ আৰ্থ ছায়েন্সৰ গৱেষক আৰু এই প্ৰতিবেদনৰ মুখ্য লেখক প্ৰকাশ চন্দ্ৰ আৰ্যই কয় যে আমি প্ৰাচীন মহাসাগৰসমূহৰ বাবে এক টাইম কেপচুল বিচাৰি পাইছোঁ৷ বিজ্ঞানীসকলৰ মতে, আজিৰ পৰা ৫০-৭০ কোটি বছৰৰ আগতে পৃথিৱীক বৰফৰ এটা ডাঠ তৰপে বহু দিন ঢাকি ৰাখিছিল৷ তাৰ পাছত বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা বৃহৎ হাৰত বৃদ্ধি পাই দ্বিতীয় বৃহৎ অক্সিজেনেশ্যনৰ ঘটনা ঘটে৷ বিজ্ঞানীসকলে পৃথিৱীক বৰফৰ তৰপে আৱৰি থকা আৰু অক্সিজেনেশ্যনৰ হোৱাৰ মাজত কেনে ধৰণৰ সম্পৰ্ক আছিল সেই কথা এতিয়াও জানিব পৰা নাই৷ ইয়াৰ প্ৰধান কাৰণ হ’ল সেই সময়ত জীৱাশ্মৰ অভাৱ আৰু পৃথিৱীত সেই সময়ত থকা সকলো সাগৰ নোহোৱা হৈ যোৱাটো৷ কিন্তু হিমালয়ত আৱিষ্কাৰ কৰা এনে ধৰণৰ শিলে এই ৰহস্যৰ ভেদ ভাঙিব পাৰিব বুলি আশা কৰা হৈছে৷ বিজ্ঞানীসকলৰ মতে, ইয়াৰ জৰিয়তে পৃথিৱীৰ প্ৰাচীন কালৰ জলবায়ুৰ সম্পৰ্কত অধিক তথ্য লাভ কৰিব পাৰে আৰু ইয়াক জলবায়ু মডেলিঙৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব৷