মহাকাশত উৎপন্ন কৰা সৌৰ শক্তি পৃথিৱীলৈ প্ৰেৰণ কৰা বিজ্ঞানীসকলে বৃহৎ সফলতা লাভ কৰিছে৷ মহাকাশত উৎপন্ন কৰা এই সৌৰ শক্তিক তৰংগৰ জৰিয়তে পৃথিৱীলৈ প্ৰেৰণ কৰা হৈছিল৷ ইয়াৰ লগে লগে পৃথিৱীলৈ মহাকাশত সৌৰ শক্তিৰ উৎপন্ন কৰি প্ৰেৰণ কৰাৰ এক নতুন পথ মুকলি হ’ল৷ বিজ্ঞানীসকলে কৰা এটা পৰীক্ষাত কৃত্ৰিম উপগ্ৰহৰ পৰা লাভ কৰা সৌৰ শক্তিক পৃথিৱীলৈ প্ৰেৰণ কৰি বিদু্যৎ শক্তিলৈ ৰূপান্তৰ কৰে৷ মহাকাশৰ পৰা অহা সৌৰ শক্তিক পৃথিৱীত থকা কলেক্টাৰ যন্ত্ৰই জমা কৰি বিদ্যুতলৈ ৰূপান্তৰ কৰে৷ ইয়াক মাইক্ৰ’ৱেভ এৰে বুলিও কোৱা হয়৷ ৱায়াৰলেছৰ জৰিয়তে কথা পতাৰ দৰেই সৌৰ শক্তিক বেতাৰ তৰংগৰ জৰিয়তে পৃথিৱীলৈ প্ৰেৰণ কৰা হয়৷ এই প্ৰযুক্তিয়ে ভৱিষ্যতে জলবিদ্যুৎ বা তাপ বিদ্যুৎ উৎপাদন কৰিব নোৱাৰা স্থানত বিদ্যুতৰ অভাৱ দূৰ কৰিব৷ এই পৰীক্ষাটো কৰিছিল কেলিফৰ্নিয়া ইনষ্টিটিউট অব টেকনলজিয়ে প্ৰস্তুত কৰা মেপল অৰ্থাৎ মাইক্ৰ’ৱেভ এৰে ফৰ পাৱাৰ ট্ৰেন্সফাৰ ল’-অৰবিট এক্সপেৰিমেণ্ট টেকন’লজিৰ সহায়ত, যি মহাকাশৰ পৰা অহা সৌৰশক্তি ৰিচিভ কৰিছিল৷ নিজৰ কক্ষপথত পৃথিৱীক পৰিভ্ৰমণ কৰি থকা কৃত্ৰিম উপগ্ৰহে অহৰ্নিশে সৌৰ শক্তি উৎপাদন কৰি এই প্ৰণালীৰ জৰিয়তে পৃথিৱীলৈ বেতাৰ তৰংগৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰিব৷