বিজ্ঞানীৰ সকীয়নি ; আঢ়ৈশ বছৰীয়া পূৰ্বৰ ভূমিকম্পৰ পুনৰাবৃত্তি হ’ব

0
83

পৃথিৱীৰ সৃষ্টিৰ পাছতে পৰা বিভিন্ন ভূ-প্ৰাকৃতিক কাৰণত ভূমিকম্প, আগ্নেয়গিৰি উদগিৰণ আদি প্ৰাকৃতিক দুৰ্যোগ হৈ আহিছে৷ বিশ্বৰ এনে কিছু ঠাই আছে, য’ত বছৰত এবাৰ হ’লেও ভূমিকম্প তথা আগ্নেয়গিৰি উদগিৰণৰ দৰে ঘটনা সংঘটিত হয়৷ অৱশ্যে আমাৰ দেশ ভাৰতবৰ্ষ বছৰি ইমান ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ ঘটা পৰিলক্ষিত নহয় যদিও বিভিন্ন কাৰণত কিছুমান প্ৰাকৃতিক দুৰ্যোগ হোৱা দেখা যায় আৰু সেইবোৰৰ বাবে প্ৰধানকৈ মানুহেই জগৰীয়া৷ সি যি নহওক, শেহতীয়াভাৱে বিজ্ঞানীৰ এক গৱেষণাই দেশৰ জনসাধাৰণক পুনৰবাৰ ভবাই তুলিছে৷ নেচাৰ কমিউনিকেশ্যনছ নামৰ এখন জাৰ্নালত প্ৰকাশিত গৱেষণামূলক অধ্যয়নত ভাৰতবৰ্ষত প্ৰায় আঢ়ৈশ বছৰৰ আগতে অহা ভূমিকম্পৰ লেখীয়া এক ভূমিকম্পই দেশ জোকাৰি যাব৷ বিজ্ঞানীয়ে সদৰী কৰা মতে এই বিধবংসী ভূমিকম্পৰ ৰিখটাৰ স্কেলত তীব্ৰতা ৭-৮ হ’ব বুলি কোৱা হৈছে৷ উল্লেখ্য যে আঢ়ৈশ বছৰ পূৰ্বে অহা এই ভূমিকম্পৰ ফলত গংগা নদীৰ গতিপথ সলনি হৈছিল৷ বিজ্ঞানীয়ে দাবী কৰা এই কথা যদি সঁচা প্ৰমাণিত হয়, তেন্তে সম্ভাব্য ভূমিকম্পৰ ফলত যে দেশৰ বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব, সেয়া নিশ্চিত৷ ইয়াৰ বাবে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰাটো সকলোৰে বাবে মংগল হ’ব৷ গৱেষকৰ ফালৰ পৰা কোৱা হৈছে যে এই ভূমিকম্পৰ বাবে বাংলাদেশক অতিকে স্পৰ্শকাতৰ অঞ্চল হিচাপে গণ্য কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here