বিজ্ঞানীৰ বৰ্জ্য প্লাষ্টিকৰ ধ্বংসৰ বিকল্প উপায় উদ্ভাৱন

0
48

প্লাষ্টিকৰ বৰ্জ্যৰ সমস্যা বিশ্বৰ প্ৰায় সকলো প্ৰান্তৰতে প্ৰকট হৈ উঠিছে৷ প্লাষ্টিৰ আৱৰ্জনাই সমগ্ৰ বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰিছে৷ বছৰি এই আৱৰ্জনা বৃদ্ধি পাই যোৱাৰ ফলত মানৱ সমাজলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ প্লাষ্টিকৰ আৱৰ্জনা ৰোধৰ বাবে চৰকাৰ প্ৰশাসনে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও সুফল হোৱা নাই৷ যাৰ বাবে মানৱ সমাজে বিভিন্ন মাৰাত্মক ৰোগৰ চিকাৰ হৈছে৷ স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন হোৱা এই প্লাষ্টিকৰ বৰ্জ্য নিৰ্মূলৰ বাবে বিজ্ঞানী মহলেও অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ এইবাৰ জাৰ্মান বিজ্ঞানীয়ে বৰ্জ্য প্লাষ্টিক ধবংসৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে ৬০-৭০ ডিগ্ৰী তাপমাত্ৰাৰ প্ৰয়োজন হ’ব৷ প্লাষ্টিকৰ সমস্যা সমাধানৰ বাবে ক্ৰিষ্টিয়ান ছনেনডেকাৰৰ দলটোৱে জৈৱ প্ৰযুক্তি কামত লগাইছে৷ এই বিষয়ে বিজ্ঞানীৰ দলটোৰ মুৰব্বী ছনেনডেকাৰে কয় যে প্ৰকৃতিৰ কাম পৰ্যবেক্ষণ কৰি সেইটো অনুৰূপ ধৰণে কৰাৰ চেষ্টা কৰা হৈছে৷ পলিমাৰ ভাঙি দি প্ৰকৃতি এনজাইম ব্যৱহাৰ কৰে৷ বিজ্ঞানীয়েও এইটো কাম কৰিবলৈ চেষ্টা কৰিছে৷ লাইপছিছ চহৰৰ দক্ষিণৰ কবৰস্থানত ক্ৰিষ্টিয়ান আৰু তেওঁৰ সহকৰ্মীয়ে সেই এনজাইমৰ সন্ধান পাইছে৷ কম্পোষ্টেৰ মাজত ইয়াক পোৱা গৈছে৷ সেই এনজাইমে আচলতে গছৰ পৰা সৰি পৰা পাতৰ পচন ঘটায়৷ বিজ্ঞানীয়ে জনোৱা মতে, এই পাতৰ ওপৰত মমৰ একধৰণৰ স্তৰ থাকে, যাক কাটিন লেয়াৰ বোলা হয়৷ এই স্তৰটো একধৰণৰ পলিয়েষ্টাৰ৷ এইটো এটা পলিমাৰ, যাৰ কাঠামো ঠিক পিইটি প্লাষ্টিকৰ দৰে এষ্টাৰ বল্ডৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত হয়৷ বহুতেই জৈৱ প্লাষ্টিকৰ মাজতো এনে বৈশিষ্ট্য দেখা পায়৷ এইবোৰ এনজাইম ইমানেই অনিৰ্দিষ্ট যে সেইটো পলিয়েষ্টাৰ স্পেকট্ৰামৰ এক বিস্তীৰ্ণ ৰেঞ্জ চিনাক্ত আৰু প্ৰক্ৰিয়াজাত কৰিব পাৰে৷ এতিয়া আমাৰ সৌভাগ্য যে প্লাষ্টিকৰ সমস্যাৰ জৈৱ উত্তৰ পোৱা গৈছে৷ এই এনজাইমৰ দৃশ্যমান কৰি তুলি থ্ৰি ডি প্ৰতিৰূপ প্ৰিণ্ট কৰা হৈছে৷ যাৰ ফলত ইয়াৰ ক্ৰিয়া জনাত সহায়ক হৈছে৷ ছনেনডেকাৰে জনোৱা অনুসৰি এইটো হ’ল সেই এনজাইম, য’ত পিইটি শৃংখলৰ প্ৰতিটো এষ্টাৰ বল্ড দেখা গৈছে৷ অৰ্থাৎ পূৰ্বনিৰ্ধাৰিত ব্ৰেকিং পইণ্ট৷ ইয়াত এনজাইম আহি এটা এটাকৈ এষ্টাৰ বল্ড চোবাই খাইছে৷ এই প্ৰক্ৰিয়াৰ শেষত টেৰেফথালিক এচিড তথা ইথিলিন গ্লাইকলৰ দৰে মৌলিক উপাদানৰ অৱশিষ্ট ৰৈছে৷ এই অৱশিষ্টৰে নতুনকৈ প্লাষ্টিকৰ তৈয়াৰ কৰিব পৰা যায়৷ প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাত ই সহায়ক হৈছে৷ গৱেষকে জনোৱা মতে প্ৰযুক্তি ব্যৱহাৰ কৰি নতুন প্ৰ’টোটাইপ প্ৰস্তুত কৰা হয়৷ যাৰ সহায়ত প্ৰায় এশটা এনজাইমৰ নমুনা বিশ্লেষণ কৰিব পাৰি৷ একেলগে ওপৰৰ স্তৰবোৰৰ পৰিমাপ কৰিব পাৰে৷ সেই প্ৰয়োজনীয় তথ্য এআইৰ যোগান ধৰি প্ৰশিক্ষণো দিব পৰা যায়৷ এইদৰে আৰু নতুন আৰু উন্নত এনজাইম বাহিৰ কৰি বৰ্জ্য প্লাষ্টিক ভঙাত ব্যৱহাৰ কৰিব পাৰে৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে প্লাষ্টিকৰ বৰ্জ্যৰ পৰা ৰিচাইকল কৰি প্লাষ্টিক পুনৰব্যৱহাৰযোগ্য কৰাৰ ক্ষেত্ৰত আৰু এঢাপ আগুৱালে বুলি ক’ব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here