বিশ্বৰ সকলোতকৈ ডাঙৰ প্ৰাণী হিচাপে নীলা তিমিকে ধৰা হয়৷ কিন্তু নীলা তিমিৰ সেই অভিধা হয়তো নাথাকিব৷ কিয়নো নীলা তিমিতকৈও বিশাল আকৃতিৰ প্ৰাণীৰ অস্তিত্বৰ সম্ভেদ লাভ কৰিছে বিজ্ঞানীয়ে৷ এই পৃথিৱীত প্ৰাণীৰ সৃষ্টিৰ সময়ত বহু প্ৰাণীৰ জন্ম হৈছিল৷ বহুকাল পৃথিৱীৰ বুকুত থকাৰ পাছত এটা সময়ত বহু প্ৰাণী বিলুপ্তি হৈ যায়৷ লক্ষ লক্ষ বছৰ আগেয়ে এই পৃথিৱীত বাস কৰা প্ৰাণীবোৰৰ চেহেৰা বা আকাৰো অতিকায় আছিল৷ ইয়াৰ পাছত বৰ্তমান পৃথিৱীত যিসমূহ জীৱ বা প্ৰাণী থাকিল তাৰ ভিতৰত নীলা তিমি সকলোতকৈ ডাঙৰ বা বিশাল আকাৰৰ৷ কিন্তু শেহতীয়াভাৱে বিজ্ঞানীসকলে কৈছে যে নীলা তিমিৰ চেহেৰাতকৈ বহু ডাঙৰ আকাৰৰ আন একধৰণৰ তিমিৰ সম্ভেদ লাভ কৰিছে৷ পেৰুৰ ইকা উপত্যকাত এক অতিকায় হাড়ৰ সম্ভেদ পাইছে বিজ্ঞানীয়ে৷ সেই জীৱাশ্ম পৰীক্ষা কৰি তেওঁলোকে জানিব পাৰিছে যে এই হাড় একধৰণৰ তিমি মাছক জীৱাশ্ম৷ কিন্তু বৰ্তমান ইয়াৰ অস্তিত্ব পোৱা নাযায়৷ এইধৰণৰ তিমি প্ৰায় চাৰি কোটি বছৰ আগতে সমুদ্ৰপ পানীত দেখিবলৈ পোৱা গৈছিল৷ পেৰুছিটাছ কোলোছাছ নামৰ এই প্ৰাণীবিধক পেৰুভিয়ান তিমি বুলিও জনা যায়৷ বিজ্ঞানীয়ে এই প্ৰাণীবিধৰ জীৱাশ্ম উদ্ধাৰ কৰি ইয়াৰ হাড় আৰু মাংসৰ পৰিমাণ দেখি চমকি উঠিছে৷ তেওলোকে সদৰী কৰা মতে এই জলজ প্ৰাণীবিধৰ তুলনাত নীলা তিমিৰ আকাৰ তেনেই সৰু৷ বিজ্ঞানীসকলে পেৰুছিটাছ কোলোছাছৰ জীৱাশ্ম পৰীক্ষা কৰাৰ পাছত জনাইছে যে এই তিমিজাতীয় জলজ প্ৰাণীবিধৰ ওজন ৩৪০ টনপৰ্যন্ত হ’ব৷ যিটো নীলা তিমিৰ ওজনৰ ক্ষেত্ৰত বহু বেছি৷