বিজ্ঞানীৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰতাৰমাপ জোখাৰ সমাধানৰ সূত্ৰ

0
172


বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰ হৈ থকাৰ বিষয়ে বিজ্ঞানী তথা জ্যোতিৰ্বিদসকলে প্ৰায় এশ বছৰ আগতে জানিছিল৷ তেওঁলোকে ১৯২৯ চনত সৰ্বপ্ৰথমে এই তথ্য লাভ কৰিছিল যে তাৰকা ৰাজ্য আমাৰ পৰা আঁতৰি গৈ আছে৷ তেতিয়াই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰ হোৱাৰ বিষয়ে জানিব পাৰিলে৷ কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰৰ গতিৰ বিষয়ে কোনো সঠিক তথ্য লাভ কৰিব পৰা নাছিল৷ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰৰ গতি দীৰ্ঘদিন ধৰি ৰহস্য হৈয়ে আছে৷ আনহাতে ২৫ বছৰৰ আগতে এই কথা জানিব পৰা হয় যে দ্ৰুতগতিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰ হৈ আছে৷ ভাৰতীয় বিজ্ঞানীৰ এটা আন্তঃৰাষ্ট্ৰীয় দলে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰৰ মাপ জোখাৰ এক সমাধান আগবঢ়াইছে৷ ভাৰতীয় বিজ্ঞানী শৌভিক জনাৰ নেতৃত্বত বেংগালুৰুস্থিত ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফল থিয়’ৰিটিকেল ছায়েন্সেজৰ বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰ হোৱাৰ গতি জোখাটো সম্ভৱপৰ বুলি মত প্ৰকাশ কৰিছে৷ ফিজিকেল ৰিভিউ লেটাৰ্ছত প্ৰকাশ পোৱা গৱেষণা পত্ৰত তেওঁলোকে এই কথা উল্লেখ কৰে৷ তেওঁলোকে কয় যে মহাকৰ্ষণীয় তৰংগৰ আধাৰত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰৰ গতি জুখিব পৰা যায়৷ বিজ্ঞানীৰ দলটোৱে প্ৰকাশ কৰা অনুসৰি যেতিয়া দুটা কৃষ্ণ গহ্বৰৰ ইটোৰ লগত সিটো লীন যায়, তেতিয়া তাৰ পৰা মহাকৰ্ষণিক তৰংগৰ সৃষ্টি হয়৷ এই তৰংগ পৃথিৱীত পোৱাৰ সময়ত ইয়াক ধৰা পেলোৱাৰ কাৰণে এক কিলোমিটাৰ দীঘল ডিটেক্টৰৰ ব্যৱস্থা কৰা হৈছিল৷ ইয়াৰ জৰিয়তে তেওঁলোকে কৃষ্ণ গহবৰৰ লীন হোৱাৰ সময়ত উৎপত্তি হোৱা নতুন কৃষ্ণ গহবৰৰ বৈশিষ্ট্যৰ বিষয়ে জানিব পাৰে৷ দলটোৰ মতে বাৰে বাৰে দেখি থকা কৃষ্ণ গহবৰ গণনা কৰা আৰু ইয়াৰ মাজৰ সময়ছোৱাৰ ব্যৱধান অধ্যয়ন কৰি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰৰ গতিৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here