বিজ্ঞানীৰ বিশেষ পেইেণ্টৰে বিশ্বৰউষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ প্ৰয়াস

0
166


জলবায়ু পৰিৱৰ্তন আৰু বিশ্বৰ উষ্ণতা বৃদ্ধি এতিয়া সকলোৰে বাবে এক ডাঙৰ প্ৰত্যাহবান হৈ পৰিছে৷ এই প্ৰত্যাহবানক প্ৰতিৰোধ কৰিবলৈ বিজ্ঞানীসকলে নতুন নতুন উপায় বিচাৰি ফুৰিছে বিজ্ঞানীসকলে৷ বিজ্ঞানীসকলে ইয়াৰ বাবে এবিধ নতুন ৰং প্ৰস্তুত কৰিছে৷ এই ৰংবিধে বিশ্বৰ উষ্ণতা বৃদ্ধি প্ৰতিৰোধত সহায় কৰিব৷ এই ৰং ঘৰৰ ওপৰৰ অংশত বা ছাডত লগালে তাপমাত্ৰা বৃদ্ধি বহুখিনি হ্ৰাস পাব বুলি কোৱা হৈছে৷ বিশেষভাৱে প্ৰস্তুত কৰা এই ৰংবিধেৰে ৰং কৰা ছাডত বা ঘৰৰ ছালত সূৰ্যৰ পোহৰ পৰাৰ লগে লগে প্ৰতিফলিত কৰে৷ ফলত ছাড বা ছালে উষ্ণতা ধৰি ৰাখিব নোৱাৰে৷ ডেইলী ষ্টাৰত প্ৰকাশ পোৱা এটা বাতৰিত কোৱা হৈছে যে বিজ্ঞানীসকলে এই নতুন ৰঙেৰে বিশ্বৰ প্ৰতিখন নগৰ তথা মহানগৰৰ ঘৰসমূহ ৰং কৰাটো বিচাৰিছে৷ তেতিয়া উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰাত বহুখিনি সফলতা লাভ কৰিব পৰা যাব৷ আনকি তেওঁলোকে পথসমূহো এই ৰঙেৰে পেইণ্ট কৰাটো বিচাৰিছে৷ এই ৰংবিধ প্ৰকৃততে এবিধ ধাতু৷ ইয়াক কাচ আৰু এলুমিনিয়াম অক্সাইডেৰে প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ চাৰিটা ৰং পোৱা যায়৷ বিজ্ঞানীসকলে দাবী কৰা অনুসৰি এই ৰং ৩০ বছৰলৈ একে ধৰণেৰে থাকিব৷ গৱেষণাগাৰত কৰা পৰীক্ষাত পোৱা ফল অনুসৰি এই ৰংবিধে সূৰ্যৰ পোহৰ তথা তাপ ৯৯% প্ৰতিফলিত কৰে৷ আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী জিনপেং জাওৰ মতে, এই ৰঙক কুলিং গ্লাছ নাম দিয়া হৈছে৷ তেওঁৰ মতে, ই কেৱল এক নতুন পদাৰ্থই নহয়, পৃথিৱীৰ উষ্ণতা বৃদ্ধি প্ৰতিৰোধতো সহায় কৰিব৷ জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধতো সহায় কৰিব৷ তেওঁৰ মতে কুলিং গ্লাছৰ জৰিয়তে মানুহে জীৱন ধাৰণৰ প্ৰণালী সলনি কৰাৰ লগতে পৃথিৱীৰ প্ৰতি থকা দায়িত্বও পালন কৰিব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here