বিজ্ঞানীৰ বাৰ্লি ব্যৱহাৰ কৰি বায়’ডিগ্ৰেডেব্‌ল প্লাষ্টিক উদ্ভাৱন

0
99

পৃথিৱীৰ সকলো দেশত প্লাষ্টিক ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়৷ পেকেজিঙৰ পৰা কাপোৰ-কানিলৈকে, বাচন-বৰ্তনৰ পৰা বিমানৰ পাৰ্টছলৈকে প্লাষ্টিকৰ অবাক ব্যৱহাৰ হয়৷ কিন্তু আটাইতকৈ ভয়াৱহ কথা হ’লে যে প্লাষ্টিকে আমাৰ প্ৰকৃতি আৰু আমাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতিসাধন কৰে৷ ছিংগল ৱান টাইম উইজ প্লাষ্টিকে মানৱ সমাজলৈ অশনি কঢ়িয়াই আনিছে৷ এইধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰাৰ ফলত মাৰাত্মক কেঞ্চাৰকে ধৰি বিভিন্ন ভয়াৱহ ৰোগৰ সৃষ্টিত অৰিহণা যোগাইছে৷ জানিব পৰা গৈছে যে কোপেনহেগেন ইউনিভাৰছিটিৰ মতে সমগ্ৰ বিশ্বত মাত্ৰ িকছু শতাংশ প্লাষ্টিকহে ৰিচাইকল কৰা হয়৷ সেয়ে এই ভয়াৱহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ইউনিভাৰছিটিখনৰ উদ্ভিদ আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ গৱেষকসকলে বাৰ্লি আৰু আন িকছুমান বস্তু ব্যৱহাৰ কৰি এটা নতুন বায়’কম্প’জিট মেটেৰিয়েল উদ্ভাৱন কৰিছে৷ প্ৰাকৃতিকভাৱে পচি যোৱা এই বস্তুবিধ প্লাষ্টিকৰ বিকল্প হ’ব পাৰে৷ নতুনকৈ উদ্ভাৱন কৰা এই সামগ্ৰীবিধ মজবুত, স্থিতিশীল আৰু কোমল৷ ইয়াক অন্যান্য কামৰ লগতে ফুড পেকেজিঙৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব৷ উল্লেখনীয় কথা এয়ে যে এইবিধ বস্তু মাত্ৰ দুমাহতে পচি যাব আৰু সেয়ে প্ৰকৃতিত কোনোধৰণৰ কুপ্ৰভাৱ নপৰে৷ সচৰাচৰ ব্যৱহূত প্লাষ্টিকে বিশ্বত প্ৰদূষণ বৃদ্ধি কৰাৰ লগতে জনস্বাস্থ্যলৈও ভাবুকি কঢ়িয়াই আনিছে৷ এনে সময়তে বালি ব্যৱহাৰ কৰি বিজ্ঞানীসকলে এশ শতাংশ বায়’ডিগ্ৰেডেবল প্লাষ্টিক উদ্ভাৱন কৰাটো সুখবৰ হিচাপে বিবেচিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here